/asomiyapratidin/media/media_files/2026/01/04/1-2026-01-04-14-43-20.jpg)
ডিজিটেল ডেস্কঃ শীতকালৰ সময়ছোৱাতেই ৰাজ্যখনৰ বিভিন্ন জলাশয়, বিল আদিলৈ আগমন ঘটে দেশী বিদেশী পৰিভ্ৰমী পক্ষীৰ। পৰিভ্ৰমী পক্ষীৰ কাকলিৰে দৃষ্টিনন্দন পৰিবেশ সৃষ্টি কৰিছে। নগাঁৱৰ বিভিন্ন জলাশয়, বিল, নৈ আদিলৈ আগমণ ঘটিছে অগনন পৰিভ্ৰমী পক্ষীৰ।
উল্লেখ্য যে, দেশী-বিদেশী পক্ষীৰ জলকেলিত এতিয়া সকলো বিভোৰ।ৰাতিপুৱাৰ পৰা বিয়লিলৈকে নগাঁৱৰ পথাৰ,জলাশয়, বিল, পুখুৰী, নৈ আদি এইদৰে আলহী পক্ষীৰ কাকলিৰে মুখৰিত হৈ পৰে। ৰূপহীহাটৰ ঔঅনাৰ দৃষ্টিনন্দন পৰিৱেশে হাতবাউলি মাতিছে সকলোকে।
/asomiyapratidin/media/post_attachments/54b3ec58-e84.png)
পৰিভ্ৰমী চৰাইয়ে ভৰি পৰিছে পথাৰ। নগাঁও নলতলী ৰাজ্যিক ঘাইপথৰ পথচাৰিয়ে ৰৈ ৰৈ উঠাইছে ফটো।ইপিনে বিভিন্ন পৰিভ্ৰমী চৰাই লগতে বনৰীয়া ৰাজহাঁহৰ কলৰবৰ মুখৰিত হৈ পৰিছে অঞ্চল। আনপিনে স্থানীয় ৰাইজেও কোনো অসুবিধাৰ সৃষ্টি নকৰি দিছে ৰক্ষণাবেক্ষণ। শীতৰ আগমনত এই কেইবাহাজাৰ পৰিভ্ৰমী চৰাইয়ে দৃষ্টি কাঢ়িছে পথচাৰিৰ।
/asomiyapratidin/media/post_attachments/d70284bc-d8b.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us