নগাঁৱত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

এক গোপন সুত্ৰৰ পমখেদি পুৱাৰ ভাগত নগাওঁ আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ গাঞ্জা সহ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ আৰক্ষীয়ে নগাঁও চহৰৰ সমীপৰ কাটিমাৰী গ্ৰাণ্টত অভিযান  চলাই এই সফলতা লাভ কৰে। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ নগাঁৱত দিনক দিনে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে  আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। এক গোপন সুত্ৰৰ পমখেদি পুৱাৰ ভাগত নগাওঁ আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ গাঞ্জা সহ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ আৰক্ষীয়ে নগাঁও চহৰৰ সমীপৰ কাটিমাৰী গ্ৰাণ্টত অভিযান  চলাই এই সফলতা লাভ কৰে। 

আৰক্ষীয়ে  কাটিমাৰী গ্ৰাণ্টৰ আব্দুল দুলাল আৰু চেলিমা বেগমক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে তেওঁলোকৰ পৰা ২.৫ কেজি গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। লগতে আৰক্ষীয়ে অধিক তথ্য আহৰণ কৰিবৰ বাবে দুয়োকে জেৰা অব্যাহত ৰাখিছে।

নগাওঁ