নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত সাংসদ প্ৰদ্যুৎ বৰদলৈৰ অধ্যক্ষতাত অনুষ্ঠিত  'দিশা' কমিটিৰ বৈঠক

বৈঠকত জিলাখনত বৰ্তমান চলি থকা বিভিন্ন চৰকাৰী আঁচনিসমূহৰ কাম কাজ নিৰীক্ষণ কৰাৰ লগতে এই সমূহ আঁচনি ক্ষিপ্ৰতাৰে সম্পন্ন কৰাৰ বিষয়ত আলোচনা কৰে।

author-image
Asomiya Pratidin
New Update
1

 ডিজিটেল ডেস্কঃ শনিবাৰে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত সাংসদ প্ৰদ্যুৎ বৰদলৈৰ অধ্যক্ষতাত অনুষ্ঠিত হয় জিলা উন্নয়ন সমন্বয়ৰক্ষী আৰু পৰ্যবেক্ষণ সমিতিৰ বৈঠক। এই বৈঠকত জিলাখনত বৰ্তমান চলি থকা বিভিন্ন চৰকাৰী আঁচনিসমূহৰ কাম কাজ নিৰীক্ষণ কৰাৰ লগতে এই সমূহ আঁচনি ক্ষিপ্ৰতাৰে সম্পন্ন কৰাৰ বিষয়ত আলোচনা কৰে। 

বিশেষকৈ কোনো আঁচনিৰ সুবিধা লাভৰ পৰা যাতে কোনো যোগ্য হিতাধিকাৰী বঞ্চিত নহয় আৰু কামৰ মানদণ্ড অক্ষুণ্ণ থাকে, এই সন্দৰ্ভতো বিষদ আলোচনা অনুষ্ঠিত হয়। ইপিনে এই বৈঠকত সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক ৰূপক শৰ্মা, নুৰুল হুদা,দিপ্লুৰঞ্জন শৰ্মা,আয়ুক্ত দেৱাশীষ শৰ্মাই অংশগ্ৰহণ কৰে।

নগাওঁ