/asomiyapratidin/media/media_files/2025/12/26/1-2025-12-26-11-57-45.jpg)
ডিজিটেল ডেস্কঃ নগাঁৱৰ ৰাঙলুত ৬, ৭ আৰু ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব বৃহৎ ইস্তেমা। মধ্য অসমৰ দহখন জিলাক সামৰি পোনপ্ৰথম বাৰৰ বাবে প্ৰায় ২০ লক্ষাধিক লোকৰ সমাৱেশ ঘটাই তিনিদিনীয়াকৈ ইস্তেমাৰৰ কাৰ্যসূচী পালন কৰা হ'ব। হিন্দু ইছলামক একতাৰ দোলেৰে বান্ধি ইস্তেমাৰ সাফল্যমণ্ডিত কৰিবলৈ আয়োজক সমিতিত কঠীয়াতলী ,ৰাঙলু, জুমৰমুৰ, কন্দলী,ননৈ অঞ্চলৰ বহু হিন্দুলোকক সমিতিত অন্তৰ্ভুক্ত কৰা হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/26/whatsapp-image-2025-12-26-11-56-46.jpeg)
বৃহস্পতিবাৰে প্ৰথম কাৰ্যসূচী হিচাপে লাইখুঁটা স্থাপন অনুষ্ঠানত কেইবা হাজাৰ ইছলামৰ লগতে বহু হিন্দু ধৰ্মাৱলম্বী লোক উপস্থিত থাকি ধৰ্ম নিৰপেক্ষতাৰ উদাহৰণ দাঙি ধৰা পৰিলক্ষিত হ'ল। প্ৰায় আঠ হাজাৰ লোকৰ উপস্থিতত লাইখুঁটা উদ্বোধন কৰে অসম জমিয়ত উলেমাৰ ৰাজ্যিক সভাপতি মৌলানা মোস্তাক আনফৰ আৰু মুফতি আব্দুল কালাম চাহাবে। ইপিনে আয়োজক সমিতিৰ জিম্মাদাৰ মৌলানা ইউচূফ কাচিমি, সম্পাদক আৰু খাজাঞ্চী নুৰুল হক, সম্পাদক খাইৰুদ্দিন আহমেদ আৰু ইচাহক আলিয়ে ইস্তেমাৰৰ তিনিওটা দিন ১০ খন জিলাৰ ২০ লক্ষাধিক লোকক আদৰিবলৈ সাজু হৈছে ৰাঙলু, ননৈ আৰু কঠীয়াতলী, কন্দলীৰ লোক সকল।
লাইখুঁটা উদ্বোধন কৰি অসম জমিয়ত উলেমাৰ ৰাজ্যিক সভাপতি মৌলানা মোস্তাক আনফৰে ৰাইজক উদ্দেশ্যি কয় আমি এই ইস্তেমাৰৰ জৰিয়তে বিশ্ব শান্তিৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰিম আমি অকল আমাৰ ধৰ্মীয় গোষ্ঠীৰ বাবেই নহয় সকলো ধৰ্মৰ সকলো মানৱ জাতিৰ কল্যাণৰ হকে দোৱা মাগিম। বৃহস্পতিবাৰে আৰম্ভণিতে আঠ সহস্ৰাধিক লোকৰ সমাগমে প্ৰমাণ কৰিছে যে ৰাঙলুত ৬, ৭,৮ ফেব্ৰুৱাৰী ২০২৬ তাৰিখে অনুষ্ঠিত হ'ব লগা ইস্তেমাৰ স্থলীত বহু লক্ষ্যাধিক লোকৰ সমাৱেশ হোৱাৰ আশা কৰা হৈছে। ইস্তেমাৰ পৰিচালনা সমিতিয়ে অসমৰ ৰাইজৰ লগতে অঞ্চলটোৰ জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/26/whatsapp-imag-2025-12-26-11-57-05.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us