বাংলাদেশত হিন্দু হত্যাৰ বিৰুদ্ধে নগাঁৱত বিশ্ব হিন্দু পৰিষদ-বজৰং দলৰ প্ৰতিবাদী কাৰ্যসূচী

নগাঁৱৰ কৃষ্ণাশ্ৰম শিৱ মন্দিৰৰ সমীপত সংগঠন দুটাৰ শতাধিক নেতা কৰ্মীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি বাংলাদেশত হিন্দুৰ সুৰক্ষা প্ৰদানকে ধৰি বিভিন্ন ধ্বনি দি নগাঁৱৰ ৰাজপথ উত্তাল কৰি তোলে।

author-image
Asomiya Pratidin
New Update
new ap web 11-11-24 new 2

ডিজিটেল ডেস্কঃ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত শেহতীয়াকৈ হিন্দু লোকৰ ওপৰত ইছলামিক জেহাদীৰ দ্বাৰা হোৱা হত্যা আৰু নিৰ্মম  অত্যাচাৰৰ বিৰুদ্ধে নগাঁৱত বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ নগাঁও জিলা সমিতিয়ে এক উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। 

উল্লেখ্য যে, নগাঁৱৰ কৃষ্ণাশ্ৰম শিৱ মন্দিৰৰ সমীপত সংগঠন দুটাৰ শতাধিক নেতা কৰ্মীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি বাংলাদেশত হিন্দুৰ সুৰক্ষা প্ৰদানকে ধৰি বিভিন্ন ধ্বনি দি নগাঁৱৰ ৰাজপথ উত্তাল কৰি তোলে।

ইপিনে প্ৰতিবাদকাৰী সকলে বাংলাদেশ তত্বাৱধায়ক চৰকাৰৰ মূৰব্বী গৰাকীৰ প্ৰতিকৃতি দাহ কৰাও পৰিলক্ষিত হয়। 

নগাওঁ