নগাঁও শাখা লেখিকা সংস্থাৰ উদ্যোগত ছয় খনকৈ গ্ৰন্থ উন্মোচন

মামণি  ভট্টাচাৰ্যৰ মঙ্গলাচৰণৰে আৰম্ভ হোৱা গ্ৰন্থ উন্মোচনী সভাত সঞ্চালনা কৰে সংস্থাৰ নগাঁও শাখাৰ সভানেত্ৰী লীনা সন্দিকৈয়ে ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ অসম লেখিকা সংস্থাৰ অন্তৰ্গত নগাঁও শাখা লেখিকা সংস্থাৰ উদ্যোগত নগাঁৱৰ আমোলাপট্টিস্থিত নগাঁও নাট্য মন্দিৰ সভাগৃহত ছয় খনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। মামণি  ভট্টাচাৰ্যৰ মঙ্গলাচৰণৰে আৰম্ভ হোৱা গ্ৰন্থ উন্মোচনী সভাত সঞ্চালনা কৰে সংস্থাৰ নগাঁও শাখাৰ সভানেত্ৰী লীনা সন্দিকৈয়ে। সভাত সুবৰ্ণ গোস্বামীৰ 'কেইগৰাকীমান খ্যাতিমান নগঞা সাহিত্যিক', ৰূপা শইকীয়াৰ 'ভগৱান ,বিষ্ণু আৰু  কৌলিক , লীনা সন্দিকৈৰ ' মৌপিয়া চৰাইৰ মিঠামাত' পুৰৱী চক্ৰৱৰ্তী সূতৰ ' শিয়ালী পেহীৰ বিয়া', অৰুণিমা ভড়ালীৰ  'ভিন্ন চিন্তা ভিন্ন সুৰ' আৰু পুৰৱী চক্ৰৱৰ্তী সূত আৰু উজ্জ্বলজ্যোতি দাসৰ সম্পাদনা গ্ৰন্থ  ' শিখাৰ দৰে  জ্বলি আছা তুমি' উন্মোচন কৰা হয়। 

গ্ৰন্থকেইখন উন্মোচন কৰে ক্ৰমে নাট্যকাৰ কানু বেজবৰুৱা ,লেখক-সাংবাদিক গুৰমাইল সিং,সাহিত্যিক কাৰুণ্য ভট্টাচাৰ্য ,অধ্যাপিকা ড :অমিয়া পাটৰ ,অবসৰপ্ৰাপ্ত অধ্যক্ষা ৰিণ্টু দাস আৰু লেখিকা ৰূপা শইকীয়াই।  সুবৰ্ণ গোস্বামীৰ  'কেইগৰাকীমান খ্যাতিমান নগঞা সাহিত্যিক'  গ্ৰন্থখনৰ সমীক্ষা আগবঢ়াই অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱাই সুবৰ্ণ গোস্বামীৰ সাহিত্য কৃতিৰ বিষয়ে উল্লেখ কৰি কয় যে,  সুবৰ্ণ গোস্বামীয়ে কেইবাগৰাকী নগঞা সাহিত্যিকৰ বিষয়ে লিখা এই গ্ৰন্থখনৰ জৰিয়তে নৱপ্ৰজ্বন্মই এই সাহিত্যিক সকলৰ বিষয়ে পৰিচিতি লাভ কৰিব। অৱশ্যে লেখিকা গৰাকীয়ে বহু কেইজন নগঞা সাহিত্যিকৰ বিষয়ে গ্ৰন্থ প্ৰণয়ণ কৰাৰ প্ৰয়োজনীয়তা আছে।

a665eb7e-27a3-463d-8437-46f0f9f40cf0

অসম সাহিত্য সভাৰ মহিলা অনুষ্ঠান ' আকাশ ' ,উপসমিতিৰ বিষয়ে  উল্লেখ কৰি ৰাজখোৱাই কয় যে-অসম সাহিত্য সভাৰ দীঘলীয়া ইতিহাসত এতিয়ালৈকে দুগৰাকী মহিলা অসম সাহিত্য সভাৰ সৰ্বোচ্চ পদ সভাপতিৰ আসনত অধিস্থিত হৈছে। অৱশ্যে কেইবাখনো জিলা শাখাত মহিলা সভানেত্ৰী পদত অধিস্থিত হৈছে। তেওঁ লগতে কয় নাৰী আৰু পুৰুষ সুকীয়া সত্বা নহয়।  তাহানিত মহিলা সকলক আগস্থান দিয়া হোৱা নাছিল।এতিয়া পৰিৱেশ ,পৰিস্থিতি সলনি হৈছে পুৰুষৰ সমানেই মহিলা সকলে সকলো ক্ষেত্ৰত আগবাঢ়ি যাবলৈ সক্ষম হৈছে। মহিলা সকলৰ দক্ষ আৰু তেওঁলোকৰ নিপুনতা আছে। 

fe95b0b8-3198-4b1a-936b-4d50e6331b5c

নাৰীয়ে সকলো কাম  কৰিব পাৰে বুলি উল্লেখ কৰি তেওঁ কয় যে অসম সাহিত্য সভাৰ শীৰ্ষ পদবীৰ দ্বায়িত্ব লবলৈ মহিলা সকল আগবাঢ়ি আহিব লাগিব । আনহাতে নামঘৰৰ কথা উল্লেখ কৰি ৰাজখোৱাই কয় নামঘৰলৈ মহিলা সকল যোৱা দৃশ্য দেখি অনাবিল আনন্দ অনুভৱ কৰো।  নামঘৰ সমুহ মহিলাই ধৰি ৰাখিছে বুলি ৰাজখোৱাই গুৰুত্বপূৰ্ণ মন্তব্য কৰে। গ্ৰন্থ উন্মোচক গুৰুমাইল সিঙে কয় যে আমাৰ সমাজত ভাল ভাল কাম কৰা মানুহ আছে। যাৰ বাবে প্ৰত্যাহ্বানৰ মাজতো সমাজ সুস্থিৰ ভাবে চলি আছে। তেওঁ লগতে কয়, গ্ৰন্থৰ বিক্ৰীৰ এক পৰিবেশ সৃষ্টি কৰা প্ৰয়োজন। নাট্যকাৰ কানু বেজবৰুৱাই নিজৰ ভাষণত কয় যে অসমীয়া সমাজত জীৱনীমূলক সাহিত্যৰ অভাৱ বিৰাজমান। কিন্তু বংগত জীৱনীমূলক সাহিত্যৰ প্ৰসাৰ বেছি। সাহিত্য সামাজিক ক্ষেত্ৰৰ দাপোন বুলি উল্লেখ কৰি তেওঁ আক্ষেপ কৰি কয় যে আজিৰ প্ৰজন্মই গ্ৰন্থ অধ্যয়ন কৰিব নিবিচাৰে। সাহিত্যিক কাৰুণ্য ভট্টাচাৰ্যই কয় যে গ্ৰন্থ সামাজিক দ্বায়িত্ব বোধ সহকাৰে ৰচনা কৰা হয়। 

গ্ৰন্থৰ বিভিন্ন দিশ উল্লেখ কৰি কয় - অসমত শিশু সাহিত্যৰ সংখ্যা কম। শিক্ষাবিদ ৰিণ্টু দাসে নিজৰ ভাষণত কয় যে কাব্য সাহিত্যই মানুহৰ মন আৰু অনুভূতি বিস্তাৰিত ভাবে প্ৰকাশ কৰে।অধ্যাপিকা ড: অমিয়া পাটৰ আৰু লেখিকা ৰূপা শইকীয়াই গ্ৰন্থ সম্পৰ্কে মননশীল বক্তব্য আগবঢ়ায়। সংস্থাৰ সম্পাদিকা  বন্তি চেতিয়াই উদ্দেশ্য ব্যাখ্যা কৰা সভাত শিশু সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্য,শিল্পী তাৰিণী মোহন শৰ্মা,ভাৰত গোস্বামী,আৰতি শৰ্মা, অশোকৰাম ভট্টাচাৰ্য,  চিত্ৰশিল্পী অলকা শৰ্মা,সাংবাদিক কনক হাজৰিকা ,জিতেন বৰকটকী ,জয়ন্ত বৰা আৰু লেখিকা সংস্থাৰ কৰ্মকৰ্তা সকলে অংশগ্ৰহণ কৰে।

332c2867-b9f5-4233-b53e-d62020353144

নগাওঁ