নগাঁও শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ সহ: জনসম্পৰ্কীয় বিষয়ালৈ ৰাজ্য চৰকাৰৰ যুৱ লেখক সন্মান

নগাঁও শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ সহ : জনসম্পৰ্কীয় বিষয়ালৈ অসম চৰকাৰৰ চলিত বৰ্ষৰ যুৱ লেখক সন্মান। যুৱ লেখক গৌৰী প্ৰসাদ শৰ্মাই ৰাজ্য চৰকাৰৰ যুৱ লেখক সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-12-21 at 10.54.48 PM

ডিজিটেল ডেস্কঃ ৰাজ্য চৰকাৰৰ যুৱ লেখক সন্মান ঘোষণা। ৮১৮গৰাকী ৪০ অনুৰ্ধ্ব যুৱ লেখক-লেখিকালৈ যুৱ লেখক সন্মান। গ্ৰন্থবৰ্ষ উপলক্ষে ৰাজ্য চৰকাৰৰ এই বিশেষ পদক্ষেপ। ইপিনে নগাঁও শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ সহ : জনসম্পৰ্কীয় বিষয়ালৈ অসম চৰকাৰৰ চলিত বৰ্ষৰ যুৱ লেখক সন্মান। যুৱ লেখক গৌৰী প্ৰসাদ শৰ্মাই ৰাজ্য চৰকাৰৰ যুৱ লেখক সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।

WhatsApp Image 2025-12-21 at 10.38.37 PM

উল্লেখযোগ্য যে অসমীয়া, বাংলা,বড়ো ভাষাৰ লগতে মিচিং, কাৰ্বি নেপালী তথা অসমৰ আন জনগোষ্ঠীয় ভাষাত সাহিত্য চৰ্চা কৰা ৮১৮ গৰাকী ৪০ অনুৰ্ধ্বৰ যুৱ লেখক লেখিকা " যুৱ লেখক সন্মান"ৰ বাবে নিৰ্বাচিত হৈছে। অহা ২৪ ডিচেম্বৰ বিয়লি ৪ বজাত  গুৱাহাটীৰ খানপাৰাস্থিত  পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত অসম গ্ৰন্থমেলা প্ৰাংগণত মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই এই যুৱ লেখক সন্মান প্ৰদান কৰিব।

নগাওঁ