/asomiyapratidin/media/media_files/2025/12/21/1-2025-12-21-16-44-48.jpg)
ডিজিটেল ডেস্কঃ নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড: শৰৎ বৰকটকীৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত বিশিষ্ট সাহিত্যিক উপেন্দ্ৰ বৰকটকী ,ড: জ্যোতৰ্ময় জানাক সাহিত্য ৰত্ন আৰু মৰণোত্তৰ ভাবে শংকৰী সংস্কৃতিৰ সাধক তিলক চন্দ্ৰ মজুমদাৰকো সাহিত্য ৰত্ন উপাধি প্ৰদান কৰা হয়।
বিশিষ্টা শিক্ষাবিদ ড: স্বাধীনতা মহন্তক কৃতী শিক্ষক বঁটা প্ৰদান কৰা হয়। ইপিনে জিলা সাহিত্য সভাৰ সম্পাদক ৰাজীৱ হাজৰিকাই উদ্যেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত ন্যাসৰ মুখ্য ন্যাসৰক্ষী মৌচুমী কাকতিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত স্মাৰক বক্তৃতা প্ৰদান কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ড: মৃণাল কুমাৰ বৰুৱাই।
/asomiyapratidin/media/post_attachments/c9367ce0-e87.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us