নগাঁৱৰ ব্যৱসায়ী সন্দীপ বেইদৰ দেহাৱসান

ব্যৱসায়ীজনৰ কৰ্মচাৰীয়ে তেওঁৰ কাৰ্যালয়ত অচেতন অৱস্থাত প্ৰত্যক্ষ কৰি লগে লগে নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে ব্যৱসায়ীজনক মৃত বুলি ঘোষণা কৰে। 

author-image
Asomiya Pratidin
New Update
new ap web 7 (7)

ডিজিটেল ডেস্কঃ নগাঁৱৰ মাৰোৱাৰীপট্টিৰ বিশিষ্ট ব্যৱসায়ী সন্দীপ বেইদৰ দেহাৱসান ঘটে। নিজৰ কাৰ্যালয়ত কৰ্মৰত অৱস্থাত তেওঁৰ মৃত্যু হয়। ব্যৱসায়ীজনৰ কৰ্মচাৰীয়ে তেওঁৰ কাৰ্যালয়ত অচেতন অৱস্থাত প্ৰত্যক্ষ কৰি লগে লগে নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে ব্যৱসায়ীজনক মৃত বুলি ঘোষণা কৰে। 

a03681a9-71d4-436e-a22f-a6ccc532a253

ব্যৱসায়ী জনৰ মৃত্যুত নগাঁও চহৰত শোকৰ ছাঁ পৰা পৰিলক্ষিত হয়। আজি নগাঁও মিলনপুৰৰ শ্মশানত বিশিষ্ট ব্যৱসায়ীজনৰ শেষকৃত্য সম্পন্ন কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪৫ বছৰ। মৃত্যুৰ সময়ত তেওঁৰ পিতৃ মাতৃ,পত্নী, পুত্ৰ কন্যা সহ বহু আত্মীয় ইহ সংসাৰত এৰি থৈ যায়।

a03681a9-71d4-436e-a22f-a6ccc532a253

নগাওঁ