জনস্বাস্থ্যৰ প্ৰতি ভাবুকিঃনাহাটাৰ বিটুমিন কাৰখানাত নগাওঁ জিলা প্ৰশাসনৰ তলা

কাৰখানা কেইটাত নাই প্ৰদূষণ নিয়ন্ত্ৰণৰ বৈধ প্ৰমাণ। সেয়ে জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি নাহাটাৰ বিটুমিন কাৰখানা  কেইটাত তলা ওলমালে নগাঁও জিলা প্ৰশাসনে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, নগাওঁঃ জনসাধাৰণৰ জীৱনলৈ ভাবুকি কঢ়িয়াই অনা তিনিটাকৈ বিটুমিন কাৰখানা বন্ধ কৰিলে জিলা প্ৰশাসনে। কাৰখানা কেইটাত নাই প্ৰদূষণ নিয়ন্ত্ৰণৰ বৈধ প্ৰমাণ। সেয়ে জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি নাহাটাৰ বিটুমিন কাৰখানা  কেইটাত তলা ওলমালে নগাঁও জিলা প্ৰশাসনে।

3f512b34-ece9-43c0-9e7b-31e62ee159d0

উল্লেখ্য যে, পুৰনিগুদামত থকা বিটুমিন কাৰখানা তিনিটাৰ প্ৰদূষণৰ বাবে স্থানীয় ৪০ শতাংশ লোকেই হাওঁফাওঁ জনিত ৰোগত আক্ৰান্ত হোৱাৰ আশংকা  কৰা হৈছে। ইপিনে বিটুমিন কাৰখানাৰ আৱৰ্জনাৰে কলং নৈ কদৰ্য কৰাৰো অভিযোগ উত্থাপন হৈছে। নাহাটাৰ লগতে জৈন উপাধিৰ দুই স্বত্বাধিকাৰীৰ বিটুমিন কাৰখানাত অভিযান চলায় নগাঁও জিলাসহ আয়ুক্ত তেজশ অগ্নিহোত্ৰীৰ নেতৃত্বত এটা দলে। আনফালে অভিযানত পোহৰলৈ আহে নগাঁও প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ চূড়ান্ত ব্যৰ্থতাৰ কথা। 

09f119ab-4442-4afb-a9c3-37c4811d4c74

নগাওঁ