/asomiyapratidin/media/media_files/2025/12/12/1-2025-12-12-20-07-03.jpg)
ডিজিটেল সংবাদ, নগাওঁঃ নগাওঁ চহৰৰ নাতিদুৰৈৰ মাজপাঠৰী গাঁৱৰ যুৱক নৱজ্যোতি বৰাৰ দেহাৱসান ঘটে। উল্লেখ্য যে উচ্চতৰ মাধ্যমিক শিক্ষা সমাপ্ত কৰি ২০১১ চনৰ পৰা ভিডিঅ' আৰু ফটোগ্ৰাফীৰ কামত নিয়োজিত হৈছিল নৱজ্যোতি। কেমেৰাৰ লেন্সত ভিন্ন জন লোকৰ জীৱনৰ মধুৰ স্মৃতি সজীৱ কৰি পোৱা ধনৰে নিজৰ পৰিয়ালটোক পোহপাল দিছিল যুৱকজনে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/12/46e79415-5f88-47a3-8ed3-da6629289ee9-2025-12-12-20-06-20.jpeg)
প্ৰণিধানযোগ্য যে, কেইবছৰমান আগতে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হয় নৱজ্যোতি বৰা। অত্যন্ত মূৰৰ বিষত আক্ৰান্ত নৱজ্যোতিক পিংকু শইকীয়াই দিল্লীৰ এইমছত চিকিৎসাধীন হৈছিল । এইমছৰ জেষ্ঠ চিকিৎসক ডাঃ শান্তনু বৰাৰ সহযোগত আৰু আয়ুষ্মান কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ অস্ত্ৰোপচাৰ হৈছিল নৱজ্যোতিৰ। অস্ত্ৰোপচাৰ কৰাৰ ছমাহৰ পিছত সুস্থ হৈ উঠা নৱজ্যোতিয়ে পুনৰ কেমেৰা হাতত লবলৈ আৰম্ভ কৰোঁতেই চাৰিদিনৰ পূৰ্বে নিজৰ ঘৰতে পিছলি পৰি তেওঁ আঘাতপ্ৰাপ্ত হয় ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/12/46e79415-5f88-47a3-8ed3-da6629289ee9-2025-12-12-20-06-40.jpeg)
পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰাই পৰিয়ালৰ লোকে। কিন্তু হাস্পতালতৰ আই চি ইউত মৃত্যুৰ সৈতে যুঁজি নিয়তিৰ ওচৰত হাৰ মানি চিকিৎসাধীন অৱস্থাত মৃত্যুক আকোঁৱালি লয় যুৱকজনে। যুৱকজনৰ মৃত্যুত বৃহত্তৰ পাঠৰি অঞ্চলত শোকৰ ছাঁ পৰিছে। তেওঁৰ মৃত্যুত নগাঁও ফটোগ্ৰাফী এচ'ছিয়েশ্বনে গভীৰ শোক প্ৰকাশ কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us