নগাঁৱত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। নগাঁৱতো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয় ।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-11-16 at 6.09.54 PM

ডিডিটেল সংবাদ, নগাওঁঃ আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। নগাঁৱতো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয় । নগাঁও ইলেকট্র 'নিক মিডিয়া এছ'চিয়েচনৰ উদ্যোগত নগাঁও জিলা প্ৰশাসনৰ সহযোগত এই ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰে। 

আনফালে, নগাঁও ইলেকট্র'নিক মিডিয়া এছ'চিয়েচনৰ উদ্যোগত কমলাদেৱী তোদী স্মৃতি ভৱনৰ সভাগৃহত দিনজোৰা কাৰ্যসূচীৰে এই বিশেষ দিনটো উদযাপন কৰা হয় । 

তাৰোপৰি এই উপলক্ষে জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকাৰ সভাপতিত্বত এখনি সভাও অনুষ্ঠিত কৰে। সাংবাদিক জ্যোতিপ্ৰসাদ বৰাই আঁত ধৰা এই সভাত নগাঁৱৰ আয়ুক্ত দেৱাশীষ শৰ্মা, বিধায়ক ৰূপক শৰ্মা, এডিপি কলেজৰ অধ্যক্ষ ড৹ সদানন্দ পায়েং, গল্পকাৰ শিৱানন্দ কাকতি, অৱসৰপ্ৰাপ্ত অধ্যাপক মোহিনীমোহন ডেকা, নিবন্ধকাৰ গিৰীশ চন্দ্ৰ দাস, ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দিলীপ বৰা আদিকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে । 

উল্লেখযোগ্য যে, আজিৰ এই বিশেষ অনুষ্ঠানটোত জ্যেষ্ঠ সাংবাদিক খৰ্গেশ্বৰ বৰুৱা, মানৱজ্যোতি বৰা আৰু বিভূতি বৰাক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

নগাওঁ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস