/asomiyapratidin/media/media_files/2026/01/11/1-2026-01-11-20-16-40.jpg)
ডিজিটেল ডেস্কঃ ভোগৰ ভোগজৰা লৈ অসমীয়াৰ পদূলিমুখ পালেহি মাঘ বিহু। অসমীয়াৰ বাপতিসাহোন ভোগালী তথা মাঘ বিহুক আদৰাৰ বাবে ৰাজ্যৰ প্রান্তে প্রান্তে ব্যাপক প্রস্তুতি চলিছে।নগাঁৱৰ মাজেৰে বৈ যোৱা কলং নৈৰ পাৰৰ নেহৰুবালিত এতিয়া দৃষ্টিনন্দন পৰিৱেশ। সদৌ নগাঁও ভোগালী বিহু উৎসৱ সমিতিয়ে আয়োজন কৰা ১১৩ সংখ্যক ভোগালী বিহু উৎসৱক কেন্দ্ৰ কৰি নেহৰুবালিত উখল-মাখল পৰিৱেশ। ৰংঘৰ,নামঘৰ,চাংঘৰৰ আৰ্হিত নিৰ্মাণ প্ৰদৰ্শনীমূলক দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।
নেহৰুবালিত জিলিকি উঠিছে ৰংঘৰ,নামঘৰ,চাংঘৰ। ধানৰ নৰা আৰু বাহেৰে আটকধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে ৰংঘৰৰ আৰ্হিত প্ৰদৰ্শনীমূলক ৰংঘৰ। একেদৰে সুন্দৰভাৱে নিৰ্মাণ কৰা হৈছে নামঘৰ-চাংঘৰ আৰু গাঁৱৰ খেৰ -বাহেৰ জুপুৰি ঘৰ। এতিয়া এইসমূহ সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। নেহৰুবালিত ভোগালী বিহু উপলক্ষে নিৰ্মাণ কৰা হৈছে গাৱলীয়া পটভূমিত এখন গাঁৱৰ পৰিৱেশ।
/asomiyapratidin/media/post_attachments/84219e4b-685.png)
ইয়াত গাঁৱৰ সকলো পৰিবেশ বিৰাজমান হ'ব। আকৰ্ষণীয় ভাবে নিৰ্মাণ কৰা হৈছে মেজিঘৰ আৰু ভেলাঘৰ।প্ৰতিবছৰে সদৌ নগাঁও ভোগালী বিহু উৎসৱ সমিতিৰ উদ্যোগত নিৰ্মাণ কৰা হয় আকৰ্ষণীয় প্ৰদৰ্শনীমূলক আৰ্হি। এইবাৰ এই বিহু উৎসৱৰ শিৰোনাম হ'ব " ৰংঘৰৰ বাকৰিত বিহু মাৰোগৈ বল"। ৰংঘৰ- নামঘৰ- চাংঘৰ আদি অতি সুনিপুন ভাবে নিৰ্মাণ কৰিছে শিল্পী সকলে। সম্ভৱত ২০০৭ চনৰ পৰা সদৌ নগাঁও ভোগালী বিহু উদযাপন সমিতিয়ে প্ৰতিবছৰে ন- ন থীম লৈ ৰাইজক আকৰ্ষিত কৰি আহিছে।
/asomiyapratidin/media/post_attachments/b66c7922-5bd.png)
উল্লেখ্য যে- এইবাৰো এক নতুন থীম লৈ বিহু উৎসৱ সমিতিয়ে ৰাইজক আকৰ্ষিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। নগাঁৱৰ এই ভোগালী বিহু উৎসৱ সমন্বয়ৰ বাহক। বিভিন্ন জাতি- জনগোষ্ঠী - ভাষা- ধৰ্ম- বৰ্ণ নিৰ্বিশেষে সকলো এই বিহু উৎসৱত চামিল হোৱাটো উল্লেখনীয় দিশ। ১৩ জানুৱাৰীৰ পৰা ১৮ জানুৱাৰীলৈ বৰ্ণাঢ়্য কাৰ্যসূচীৰে এই ভোগালী উৎসৱ উদযাপিত হ'ব। সদৌ নগাঁও ভোগালী বিহু উৎসৱ উদযাপন সমিতিৰ সাধাৰণ সম্পাদক জয়ন্ত কুমাৰ বৰা আৰু ৰঞ্জিত বৰাই বিহু উৎসৱ সফল কৰি তুলিবলৈ ৰাইজক আহ্বান জনাইছে।
/asomiyapratidin/media/post_attachments/1134adba-d6d.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us