/asomiyapratidin/media/media_files/2025/12/21/1-2025-12-21-19-45-10.jpg)
ডিজিটেল ডেস্কঃ থেলাছেমিয়া ৰোগীৰ বাবে এটি বিনামূলীয়া Human Leukocyte Antigen চমুকৈ HLA Typing চিনাক্তকৰণ শিবিৰ সফলতাৰে অনুষ্ঠিত হয়। কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয় আৰু চিকিৎসা গৱেষণা প্ৰতিষ্ঠানৰ Bone Marrow Transplant Unit ৰ দ্বাৰা পৰিচালিত এই শিবিৰৰ মূল উদ্দেশ্য হিচাপে, ৰোগী আৰু তেওঁলোকৰ নিকটতম পৰিয়ালৰ সদস্যসকলৰ মাজত সম্ভাৱ্য কোষৰ মিল বা HLA Typing পৰীক্ষা কৰা। কাৰণ পৰিয়ালৰ ভিতৰত কোনো সদস্যৰ সৈতে কোষৰ মিল থাকিলে হাড়ৰ মজ্জা প্ৰতিস্থাপন বা BMT ৰ জৰিয়তে এই জটিল ৰোগসমূহৰ পৰা স্থায়ী মুক্তি লাভ কৰাটো সম্ভৱ হৈ পৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/21/whatsapp-image-2025-12-21-19-45-30.jpeg)
উল্লেখ্য যে, সাধাৰণতে দাতাৰ মিল নথকাৰ বাবে বহুতো শিশুৱে আজীৱন লোকৰ তেজৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিবলগীয়া হয়, যিয়ে পৰিয়ালসমূহলৈ চৰম আৰ্থিক সংকট নমাই আনে। সেই দুৰ্ভাগ্যজনক পৰিস্থিতি দূৰ কৰিবলৈকে আজিৰ এই শিবিৰত ৰোগী আৰু পৰিয়ালৰ বাবে সকলো পৰীক্ষা সম্পূৰ্ণ বিনামূলীয়াকৈ কৰা হয়। ইয়াৰোপৰি যদি কোনো শিশুৰ পৰিয়ালৰ সদস্যৰ সৈতে নমুনাৰ মিল পোৱা যায়, তেন্তে তেওঁলোকৰ পৰৱৰ্তী উন্নত চিকিৎসাও চিকিৎসালয়খনৰ BMT Unit ত বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে। এই নগাঁৱৰ শিবিৰত মুঠ ৫৪ গৰাকী ৰোগীক পৰীক্ষা কৰা হয় আৰু পৰীক্ষাগাৰৰ বাবে মুঠ ১০৮ টা নমুনা সংগ্ৰহ কৰি এক সফল আৰম্ভণি কৰে।
এই শিবিৰত মুম্বাইৰ পৰা অহা কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয় আৰু চিকিৎসা গৱেষণা প্ৰতিষ্ঠানৰ শিশু হাৰমেট’লজী, অংক’লজী আৰু বিএমটি বিভাগীয় মুৰব্বী, ড° শান্তনু সেন, মুম্বাইৰ চিকিৎসক ড° নিৰালি সংঘৱী,গুৱাহাটীৰ চিকিৎসক ড° কবিতা মজুমদাৰ, অতিৰিক্ত জিলা আয়ুক্ত সুদীপ নাথ, নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিষ্ণু ৰাম দাস প্ৰমুখ্যে নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক আৰু কৰ্মচাৰীসকল উপস্থিত থাকে ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/21/1-2025-12-21-19-46-16.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us