/asomiyapratidin/media/media_files/2025/12/08/whatsapp-image-2025-12-08-20-16-40.jpeg)
ডিজিটেল ডেস্কঃ নগাঁৱৰ কঠিয়াতলী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত কন্দলীত হাতী-মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে। জানিব পৰা মতে, দেওবাৰে নিশা বন্যহস্তীয়ে ছোটকন্দলীৰ বনুৱা গাঁৱৰ ৬ টা পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে একাংশ লোকৰ গৃহত ধান খাই তহিলং কৰে।বন্যহস্তীয়ে গৃহত আক্ৰমণ কৰি থকাৰ সময়ত পৰিয়ালকেইটাৰ লোকসকলৰ কথমপি প্ৰাণ ৰক্ষা পৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/08/whatsapp-image-2025-12-08-20-15-21.jpeg)
উল্লেখযোগ্য যে,বিগত বহু দিন ধৰি কন্দলী এলেকাৰ বিভিন্ন স্থানত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে যদিও ইয়াক প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত নগাঁৱৰ বন বিভাগে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। যাৰ ফলত বৃহত্তৰ কন্দলী অঞ্চলটোত বনৰীয়া হাতীৰ আতংক দিনক দিনে বৃদ্ধি পাই আহিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/08/whatsapp-image-2025-12-08-20-15-53.jpeg)
বিগত বর্ষসমূহত বন্যহস্তীয়ে বহু ভুক্তভোগী পৰিয়ালৰ গৃহ ভাঙি লণ্ড-ভণ্ড কৰাৰ উপৰিও বহু লোকৰ খেতি পথাৰৰ বিস্তৰ ক্ষতি সাধন কৰিছিল।এই সন্দৰ্ভত ভুক্তভোগী পৰিয়ালসমূহে উপযুক্ত ক্ষতিপূৰণ বিচাৰি বন বিভাগৰ ওচৰত আবেদন দাখিল কৰিছিল যদিও আজিকোপতি পৰিয়ালসমূহে উপায়ুক্ত ক্ষতিপূৰণ নোপোৱাৰ অভিযোগ উঠিছে। ইপিনে সংশ্লিষ্ট বিভাগৰ এনে দায়িত্বজ্ঞানহীন কৰ্মকাণ্ডৰ বাবে স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পৰিছে।আনকি অঞ্চলটোত বন বিভাগে ৰাইজৰ জীৱন আৰু সম্পত্তি সুৰক্ষাৰ ক্ষেত্ৰত একো বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে স্থানীয় লোকে আতংকত দিন কটাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।বন্যহস্তীৰ আক্ৰমণত ক্ষতি সাধন হোৱা পৰিয়ালসমূহক উপযুক্ত ক্ষতিপূৰণ দিবলৈ স্থানীয় ৰাইজে বন বিভাগৰ ওচৰৰ দাবী জনাইছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/08/1-2025-12-08-20-16-14.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us