নগাঁও আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

ড্ৰাগছ বিৰোধী অভিযানৰ অংশ হিচাপে নগাঁৱৰ ইটাচালি আৰক্ষীয়ে নগাঁও ভোটাইগাঁৱত এটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,নগাওঁঃ  ৰাজ্যৰ প্ৰতিটো প্ৰান্তত আৰক্ষীয়ে আৰম্ভ কৰিছে ড্ৰাগছ বিৰোধী অভিযান। এইবাৰ নগাঁও আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান তীব্ৰতৰ কৰি তুলিছে। এই অভিযানৰ অংশ হিচাপে নগাঁৱৰ ইটাচালি আৰক্ষীয়ে নগাঁও ভোটাইগাঁৱত এটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। 

WhatsApp Image 2025-12-07 at 6.26.46 PM

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সৰবৰাহকাৰীতো উৰিয়াগাঁৱৰ ছানিট বনিয়া বুলি জানিব পৰা গৈছে। ভোটাইগাঁৱৰ উৰণ সেতুৰ চাৰ্ভিছ ৰোডৰ ওচৰত আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি সৰবৰাহকাৰীতোক ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে যুৱকজনৰ পৰা হিৰ'ইন ভৰ্তি ৮টা কণ্টেনাৰ জব্দ কৰে। অধিক তথ্যৰ বাবে আৰক্ষীয়ে সৰবৰাহকাৰীতোক  জেৰা অব্যাহত ৰাখিছে। 

নগাওঁ