নগাঁৱত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

ড্ৰাগছ সৰবৰাহকাৰীটোৱে নতুন কৌশলৰে জেকেটৰ কলাৰত লুকুৱাই আনিছিল ড্ৰাগছ লগতে ড্ৰাগছ সৰবৰাহকাৰীটোৰ জেকেটৰ কলাৰ কাটি ড্ৰাগছ খিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

author-image
Asomiya Pratidin
New Update
new ap web 11-11-24 new 2

ডিজিটেল সংবাদ, নগাওঁঃ ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিটো প্ৰান্তত চলি আছে তীব্ৰ অভিযান। নগাঁও আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি নগাঁৱৰ ডিমৰুগুৰি জ্যোতি নগৰত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায়। অভিযানত নগাঁৱৰ ইটাচালি আৰক্ষী চকীৰ আৰক্ষীয়ে এটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।  ইপিনে ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা নগদ ধনসহ এটা মোবাইল ফোন আৰু ড্ৰাগছ ভৰ্তি চাৰিটাকৈ কন্টেনাৰ জব্দ কৰে। 

WhatsApp Image 2025-12-04 at 8.54.20 PM

উল্লেখ্য যে, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰীটো পানীগাওঁ কালিবাৰিৰ বাবু চৌহান। আৰক্ষীয়ে অধিক তথ্যৰ বাবে ড্ৰাগছ সৰবৰাহকাৰীটোক জেৰা অব্যাহত ৰাখিছে। ড্ৰাগছ সৰবৰাহকাৰীটোৱে নতুন কৌশলৰে জেকেটৰ কলাৰত ড্ৰাগছ লুকুৱাই আনিছিল। আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীটোৰ জেকেটৰ কলাৰ কাটি ড্ৰাগছ খিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ড্ৰাগছ বিৰোধী অভিযান নগাওঁ ড্ৰাগছ