গুজৰাটত কেঞ্চাৰ কেয়াৰ ইণ্ডিয়াৰ সভাত নগাঁও জিলা আয়ুক্ত দেৱাশীষ শর্মা

অনুষ্ঠানত ভাষণ প্ৰদান কৰি দেৱাশীষ শৰ্মাই কয় যে, অনুষ্ঠানত উপস্থিত সাহসী ব্যক্তিসকল আৰু উৎসৰ্গীকৃত সংগঠনসমূহৰ মাজত উপস্থিত থাকিবলৈ পাই আনন্দ অনুভৱ কৰিছোঁ। আপোনালোকৰ উপস্থিতিয়ে মানুহৰ আত্মাৰ শক্তি আৰু সহানুভূতিক শক্তিক প্ৰমাণ কৰে। 

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-12-20 at 8.39.40 PM

ডিজিটেল ডেস্কঃ গুজৰাটৰ জামনগৰত অনুষ্ঠিত কেঞ্চাৰ কেয়াৰ ইণ্ডিয়াৰ বাৰ্ষিক সভাত সংগঠনটোক নেতৃত্ব প্ৰদান কৰা নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই অংশগ্ৰহণ কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি দেৱাশীষ শৰ্মাই কয় যে, অনুষ্ঠানত উপস্থিত সাহসী ব্যক্তিসকল আৰু উৎসৰ্গীকৃত সংগঠনসমূহৰ মাজত উপস্থিত থাকিবলৈ পাই  আনন্দ অনুভৱ কৰিছোঁ। আপোনালোকৰ উপস্থিতিয়ে মানুহৰ আত্মাৰ শক্তি আৰু সহানুভূতিক শক্তিক প্ৰমাণ কৰে। 

কেঞ্চাৰ কেৱল শৰীৰৰ ৰোগ নহয়, ই ধৈৰ্য্য, বিশ্বাস আৰু সমাজিক সংহতিক এক পৰীক্ষা।  প্ৰত্যেকজন ৰোগী, প্ৰতিটো পৰিয়াল, প্ৰতিজন যত্ন লোৱাটোৱেই ভয়ৰ ওপৰত সাহসৰ বিজয়ৰ উদাহৰণ। আপুনি দেখুৱাইছে যে আশা জীৱনীৰ আটাইতকৈ অন্ধকাৰ মুহূর্ত সমূহো উজ্বলাই তুলিব পাৰে। ভাৰতে গৱেষণা, ৰোগ চিনাক্তকৰণ আৰু চিকিৎসাৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি সাধন কৰিছে। আমাৰ চিকিৎসক সকল আৰু বিজ্ঞানীসকল আৰু অধিক গৱেষণা আৰু উদ্ভাৱনৰ অভিযানত অহৰ্নিশে লাগি আছে, যাৰ ফলত ৰোগ চিনাক্তকৰণ অধিক সঠিক আৰু চিকিৎসা অধিক ফলপ্ৰসূ হৈ উঠিছে। দেশৰ বিভিন্ন ঠাইত আঞ্চলিক কেঞ্চাৰ কেন্দ্ৰ‌ও স্থাপন কৰা হৈছে।নেছনেল কেঞ্চাৰ গ্ৰিড, “আয়ুষ্মান ভাৰত” কাৰ্যসূচী – যাৰ জৰিয়তে আমি সকলোৱে জানো, প্ৰতিবছৰ ৫ লাখ টকা অৰ্থনৈতিকভাবে পিছ পৰা ৰোগীক সহায় ৰূপে প্ৰদান কৰা হয়। এইধৰণৰ ব্যৱস্থা প্ৰায় সাত বছৰ আগলৈকে আমাৰ দেশত কল্পনাৰ বাহিৰত আছিল। দেশৰ এইটো নিশ্চয় এটা উল্লেখযোগ্য অগ্ৰগতি। কিন্তু PHP (HPV) ভেক্সিন প্ৰশাসন কৰা, বিশেষকৈ দৰিদ্ৰ লোকসকললৈ পোহৰ ধৰাটো এতিয়াও বহুত ডাঙৰ চেলেঞ্জ হিচাপে আছে। যদিও ভেক্সিনৰ দাম অর্ধেক হৈছে, তথাপিও ১২০০ টকা বহুতৰে বাবে বহনযোগ্য নহয়। সেয়ে আমাৰ দৰে সংগঠনসমূহে ইয়াৰ বাবে কাম কৰিব লাগিব। 

গ্ৰাম্য পৰ্যায়তে কাৰ্যকৰী কেঞ্চাৰ সেৱা নিশ্চিত কৰাৰ বাবে স্থানীয় স্বাস্থ্যকৰ্মীসকলক জালবন্দী কৰা আৰু সমাজিক অংশগ্ৰহণ নিশ্চিত কৰাৰ এক তীব্ৰ প্ৰয়োজন অনুভৱ কৰা গৈছে। ইয়াৰ জৰিয়তে আগতীয়াকৈ ৰোগ ধৰা পৰা, ৰেফাৰেল পথ প্ৰস্তুত কৰা আৰু চিকিৎসা শেষৰ পাছতো স্ব-সহায় গোট, শেষ জীৱনৰ যত্ন আদি বিষয়সমূহ সুদৃঢ় হ’ব। এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়ে হ’ল – ৰোগীৰ চিকিৎসা-সংক্রান্ত সিদ্ধান্ত। ইয়াত ৰোগী, তেখেতৰ আত্মীয়-স্বজন, যত্ন লোৱাই, মনোবিজ্ঞানী আৰু সমাজকৰ্মী – সকলো মিলি একেলগে আলোচনাৰ মাধ্যমে সিদ্ধান্ত ল'ব পাৰিবলৈ ব্যৱস্থা থাকিব লাগিব। বহু সময়তে দেখা যায়, কিছুমান ৰোগীয়ে কেমোথেৰাপী নল’ব বুলি সিদ্ধান্ত লয়। কিছুমান সময়ত ৰোগীয়ে ইমিউনোথেৰাপী নকৰে, কিয়নো ইমিউনোথেৰাপীৰ এটা ড’জ বা কিছুমান ড’জৰ খৰচ প্ৰতিমাহে প্ৰায় ১ লাখ টকা হ’ব পাৰে। 

যদি ডাক্তৰে কয়, “এইটোহে একমাত্ৰ ঔষধ” আৰু ফলাফল সম্পূৰ্ণ নিশ্চিত নোহোৱাকৈ ১০০% আশ্বাস দিয়া নাযায়, তেন্তে বহুতে বাধ্য হৈ নিজৰ ঘৰ-দুৱাৰ,মাটি -সম্পত্তিও বিক্ৰী কৰে।আমাৰ অভিজ্ঞতাত এনে বহু কেইটা উদাহৰণ দেখা গৈছে য’ত চিকিৎসকৰ এইধৰণৰ মন্তব্য শুনি পুত্ৰ-কন্যা বা আত্মীয়সকলে ৰোগীক জীয়াই ৰাখিবলৈ ধন-সম্পত্তি বিক্ৰী কৰিবলৈ সাজু হয়। সেয়ে এইবোৰ অত্যন্ত সচেতন সিদ্ধান্ত, আৰু সম্পূৰ্ণ প্ৰক্ৰিয়াটো ৰোগী-কেন্দ্ৰিক হোৱাটো অত্যাৱশ্যক। সেয়ে  সকলো ৰোগী আৰু যত্ন লোৱা সকলক লক্ষ্য কৰি ক’ব বিচাৰোঁ যে– আপুনি সদায় সন্মানীয়, আপোনাৰ ভিতৰতে শক্তি আছে, আৰু সেই শক্তিয়ে আমাক প্ৰেৰণা দিয়ে। 

আমি ইয়াত উল্লেখ কৰিব বিচাৰো যে, CSCIৰ বিষয়ে, যি ২৬ নৱেম্বৰ ২০০০ চনৰ পৰা কিছুমান প্ৰতিজ্ঞাবদ্ধ স্বেচ্ছাসেৱক আৰু দুৰদৰ্শী ব্যক্তিৰ দলৰ দ্বাৰা কেঞ্চাৰৰ বিৰুদ্ধে লড়াইৰ উদ্দেশ্যে আৰম্ভ হৈছিল। CSCI কেঞ্চাৰৰ বাঢ়ি থকা সংকটক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় দুই পৰ্যায়তে প্ৰতিহত কৰিব, আৰু কেঞ্চাৰ-মুক্ত বিশ্ব গঢ়ি তুলিব বুলি এটা মিচন লৈ গঢ় লৈ উঠিছিল। ইয়াৰ মূল লক্ষ্যসমূহ আছিল সচেতনতা বৃদ্ধি, কেঞ্চাৰ সম্বন্ধীয় জনশিক্ষা প্ৰসাৰ, আৰু সমৰ্থন গোটসমূহে সন্মুখীন হোৱা সাধাৰণ সমস্যা সমূহ সংশ্লিষ্ট চৰকাৰী অধিকাৰীৰ স্তৰত উত্থাপন কৰা। এই ২৫ বছৰৰ যাত্ৰা প্ৰত্যেক সদস্য গোটৰ অক্লান্ত সেৱা, উৎসৰ্গ আৰু একতাৰ জ্বলন্ত প্ৰমাণ। সিহঁতৰ অবিচল উৎসৰ্গই CSCI কেঞ্চাৰ সমৰ্থন আৰু অধিকাৰ-সুৰক্ষা আন্দোলনৰ ক্ষেত্ৰত ৰাষ্ট্ৰজুৰি আগশাৰীৰ স্থান আহৰণ কৰাত সহায় কৰিছে। আমি আগবাঢ়ি আহি অব্যাহতভাৱে নতুনত্ব অন্বেষণ কৰিব লাগিব  প্ৰতিৰোধৰ বিষয়ে, স্বাস্থ্যকৰ জীৱনধাৰা, নিয়মীয়া স্ক্ৰীনিং আৰু আগতীয়াকৈ ৰোগ ধৰা পৰাৰ গুৰুত্ব সম্বন্ধে সচেতনতা বৃদ্ধি কৰিব লাগিব। একেই সময়তে, অসুস্থতাৰ চাৰিওফালে যি কলংক (stigma) গঢ় লৈ উঠে, তাকো আমি একেলগে আঁতৰাব লাগিব।  উল্লেখযোগ্য যে, উক্ত সভাত ভাৰত বৰ্ষৰ লগতে অন্যান্য দেশৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তি, কেঞ্চাৰ ৰোগত আক্ৰান্ত ৰোগী, তেওঁলোকৰ আত্মীয় আৰু কেঞ্চাৰ কেয়াৰ ইণ্ডিয়াৰ কৰ্মকৰ্তা সকল উপস্থিত থাকে।

দেৱাশীষ শৰ্মা