/asomiyapratidin/media/media_files/2025/12/26/1-2025-12-26-11-46-00.jpg)
ডিজিটেল ডেস্কঃ নগাঁৱৰ চলচলি বিৰহী গাৱঁৰ সৰবৰহী, ধৰ্মপ্ৰাণ তথা শাস্ত্ৰজ্ঞ ব্যক্তি মনেশ্বৰ বৰাই বৃহস্পতিবাৰে বিয়লি ৩বজাত ইহলীলা সম্বৰণ কৰে। উচ্চ ৰক্তচাপ জনিত কাৰণত মনেশ্বৰ বৰাই নগাঁও মেডিকেল কলেজ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। ইপিনে শংকৰী কলা সংস্কৃতিৰ অন্যতম সেৱক মনেশ্বৰ বৰাই নামাচাৰ্য, সুত্ৰধাৰ,বায়ন,শৰণাচাৰ্য,পাঠক আৰু বাখ্যাকাৰৰ দায়িত্ব পালন কৰিছিল।
/asomiyapratidin/media/post_attachments/5e9eee73-eff.png)
ইয়াৰোপৰি প্ৰয়াত বৰাই চলচলি বিৰহী গাৱঁৰ কলা-কৃষ্টি বিকাশ কেন্দ্ৰৰ জৰিয়তে নৱ প্ৰজন্মক চামে চামে গায়ন-বায়নৰ প্ৰশিক্ষণ দি আহিছিল। মৃত্যুৰ সময়ত তেওঁ পত্নী,পুত্ৰ, বোৱাৰী, জীয়াৰী আৰু নাতি-নাতিনী সহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/26/image-52-2025-12-26-11-45-09.png)
উল্লেখ্য যে, প্ৰয়াত মনেশ্বৰ বৰাৰ মৃতদেহ চলচলি বিৰহী গাৱঁলৈ লৈ অনাৰ পাছতেই অঞ্চলবাসী ৰাইজে গায়ন-বায়নেৰে এক শোভাযাত্ৰা কৰাৰ অন্তত চলচলিৰ শ্বহীদ বলো সুত সাৰ্বজনীন হিন্দু শশ্মানত অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us