নগাঁও ডচন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সুতেশ্বৰ দেৱ গোস্বামীৰ দেহাৱসান

প্ৰয়াত গোস্বামী কিছুদিন ধৰি শাৰিৰীক অসুস্থতাত ভুগি নগাঁৱৰ গোহাঁই নাছিং হোমত চিকিৎসাধীন হৈ আছিল।

author-image
Asomiya Pratidin
New Update
9

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁৱৰ এক আগশাৰীৰ শিক্ষানুষ্ঠান নগাঁও ডচন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সুতেশ্বৰ দেৱ গোস্বামীৰ দেহাৱসান ঘটে। এখন ব্যক্তিগত নাচিং হোমত দেহাৱসান ঘটে প্ৰাক্তন অধ্যক্ষগৰাকীৰ। 

WhatsApp Image 2025-12-07 at 5.15.29 PM

প্ৰয়াত গোস্বামী কিছুদিন ধৰি শাৰিৰীক অসুস্থতাত ভুগি নগাঁৱৰ গোহাঁই নাছিং হোমত চিকিৎসাধীন হৈ আছিল। বটদ্ৰৱা নৰোৱা সত্রৰ প্ৰয়াত পুষ্প কান্ত দেৱ গোস্বামীৰ পুত্ৰ সুতেশ্বৰ দেৱ গোস্বামীয়ে শিক্ষা জীৱন আৰম্ভ কৰিছিল বটদ্ৰৱা শ্ৰী শ্ৰী শঙ্কৰদেৱ হাইস্কুলত। ইপিনে কৰ্ম সূত্ৰে  নগাঁৱৰ আমোলাপট্টিত থাকিবলৈ লয়। নগাঁও চহৰৰ অগ্ৰনী শিক্ষানুষ্ঠান ডচন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বুৰঞ্জী বিভাগত শিক্ষকতা কৰি শেষৰ দুটি বছৰ অধ্যক্ষ পদ অলংকৃত কৰি ১৯৯৫ চনত অৱসৰ গ্ৰহণ কৰিছিল। 

WhatsApp Image 2025-12-07 at 5.15.29 PM

প্ৰণিধানযোগ্য যে, একান্ত শ্ৰমী, নিষ্ঠাবান আৰু সাধাৰণ জীৱন যাপন কৰা গোস্বামী এজন সৎ স্বভাৱৰ লোক আছিল। তেখেতৰ বিয়োগৰ খবৰ লাভ কৰাৰ লগে লগে অসংখ্য গুণমুগ্ধই শেষ বাৰৰ বাবে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ বাবে তেখেতৰ বাসগৃহত উপস্থিত হয়। ডচন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তপন কুমাৰ বৈদ্যই মৃতকৰ আত্মাৰ সদগতিৰ কামনা কৰি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ লগতে পৰিয়ালটিলৈ সমবেদনা জ্ঞাপন কৰে। তেখেতৰ মৃত্যুত নগাঁৱৰ শৈক্ষিক মহলত শোকৰ ছাঁ পৰিছে। নগাঁও ছয় আলিস্থিত শিৱস্থান স্মশানত তেখেতৰ অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৯০ বছৰ। 

বটদ্ৰৱা