/asomiyapratidin/media/media_files/2025/11/24/whatsapp-image-2025-11-24-19-21-27.jpeg)
ডিজিটেল সংবাদ,নগাঁওঃ নগাঁও জিলাৰ ৪২’ৰ তেজে ধোৱা ঐতিহাসিক বঢ়মপুৰৰ হাজৰিকাচুক নিবাসী শ্বহীদ লক্ষী হাজৰিকাৰ জেষ্ঠ পুত্ৰ, অসম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত মুক্তি যুঁজাৰু পেঞ্চনাৰ তথা নগাঁও জিলা মুক্তি যুঁজাৰু সন্মিলনৰ সভাপতি যতীন্দ্ৰনাথ হাজৰিকা বাৰ্দ্ধক্যজনিত কাৰণত নগাঁৱৰ জ্যোতিনগৰস্থিত নিজা বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে৷ সৰবৰহী লোকজনৰ মৃত্যুৰ বাতৰি বিয়পি পোৱাৰ লগে লগে মুক্তি যুঁজাৰু সন্মিলনৰ বিষয়ববীয়া সমন্বিতে সদস্য সকল আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধি তথা গুণমুগ্ধ সকলে গভীৰ দুখ প্ৰকাশ কৰাৰ লগতে নগাঁও সদৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া হৃষীকেশ বৰুৱাই এখন ফুলাম গামোছাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷
উল্লেখ্য যে পুৱাৰ ভাগত তেখেতৰ বাসগৃহত অজশ্ৰ লোক উপস্থিত হয়। অসম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত নগাঁৱৰ অন্তিম গৰাকী মুক্তি যুঁজাৰু পেঞ্চনাৰৰ আত্মাৰ সদ্গতি কামনাৰে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে ৷ উক্ত অনুষ্ঠানত নগাঁও সদৰ সমষ্টিৰ সন্মানীয় বিধায়ক ৰূপক শৰ্মাৰ লগতে বহু গুণমুগ্ধ উপস্থিত থাকে ৷ নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু নগাঁও জিলা মুক্তি যুঁজাৰু সন্মিলনৰ সহযোগত সদ্যপ্ৰয়াত যতীন্দ্ৰনাথ হাজৰিকাক ৰাজ্যিক মৰ্য্যদাৰে কৰা শেষকৃত্য সমাপন অনুষ্ঠানত নগাঁৱৰ আৰক্ষী অধীক্ষক,স্বপ্ননীল ডেকা প্ৰমুখ্যে আৰক্ষী প্ৰশাসনৰ লোকসকল উপস্থিত থাকি নিয়মানুসাৰে শ্ৰদ্ধা জ্ঞাপন কৰে ৷
তাৰোপৰি আজিৰ অনুষ্ঠানটিত নগাঁও জিলা মুক্তি যুঁজাৰু সন্মিলনৰ তৰফৰ পৰা বিষয়ববীয়া আৰু সদস্য সকলে হাজৰিকা দেৱক সন্মিলনৰ পতাকা ,গামোছা আৰু পুষ্পাঞ্জলিৰে শেষ শ্ৰদ্ধা জনোৱাৰ লগতে নগাঁও জিলা মুক্তি যুঁজাৰু ভৱন প্ৰাংগনত এসপ্তাহৰ বাবে পতাকা অৰ্দ্ধনমিত কাৰ্য্যসূচী ৰূপায়ণ কৰে ৷ নগাঁও জিলা প্ৰশাসনৰ তৰফৰ পৰা নগাঁও পৌৰ সভাৰ উপ পৌৰপতি, সীমান্ত বৰা ; নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, মনোজ চিকাৰীয়া ; নগাঁও সদৰ চক্ৰৰ চক্ৰ বিষয়া হৃষীকেশ বৰুৱা ; সমাজ কৰ্মী মৃণাল হাজৰিকাকে আদিকে ধৰি বহু লোকে এক শোকাকুল পৰিৱেশত বিদেহ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনাই ৷
আনফালে তেখেতৰ মৃত্যুত অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলনৰ সাধাৰণ সম্পাদক দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ লগতে কামৰূপ মহানগৰ জিলা সন্মিলনৰ সম্পাদক কমল চন্দ্ৰ লহকৰ,শোণিতপুৰৰ পৰা প্ৰণৱ বৰা,নাজিৰাৰ পৰা প্ৰতুল শৰ্মা, বঙাইগাঁৱৰ পৰা আদিত্য নাথ,অভয়েশ্বৰ শৰ্মা,হোজাইৰ পৰা ননীগোপাল শৰ্মা,বৰাকভেলীৰ পৰা দেৱাশীষ চৌধুৰী,গোলাঘাটৰ পৰা ৰমেশ চন্দ্ৰ গোস্বামী,তিনিচুকীয়াৰ পৰা বিনয় বৰা প্ৰমুখ্যে জিলা সন্মিলনৰ সভাপতি, সম্পাদক সকলে শোক বাৰ্তা প্ৰেৰণ কৰি বিদেহ আত্মাৰ সদ্গতি কামনা কৰে ৷ মৃ্ত্যুৰ সময়ত তেখেতে শয্যাগত পত্নী , দুগৰাকী পুত্ৰ-বোৱাৰী, দুগৰাকী জী-জোঁৱাই, নাতি-নাতিনী সহ পৰিয়াল স্বজন আৰু অনেক গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us