/asomiyapratidin/media/media_files/2025/12/14/1-2025-12-14-12-48-50.jpg)
ডিজিটেল সংবাদ,নগাওঁঃনগাঁৱৰ পুৰণিগুদাম ৰামটিলাআটিত দুৰ্ঘটনাগ্ৰস্ত অৱস্থাত উদ্ধাৰ এখন অচিনাক্ত বাহন। চলচলি-চাপানালা সংযোগী পথৰ কাষৰ দ' খাৱৈত উদ্ধাৰ গৰাকী বিহীন বাহনখন।ইপিনে পথটোৰ মাজত দুৰ্ঘটনাগ্ৰস্ত হৈ পথৰ পৰা দ' খাৱৈত পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে।
/asomiyapratidin/media/post_attachments/81794594-088.png)
উল্লেখ্য যে- দুৰ্ঘটনাগ্ৰস্ত বাহন খনৰ নম্বৰ AS 02AN 0772। আনপিনে বাহনখন গৰু চুৰি চক্ৰৰ বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে। বাহনখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পাছতেই সেই স্থানৰ পৰা চক্ৰটোৱে বাহন এৰি পলায়ন কৰাৰ সন্দেহ। ঘটনাস্থলীত পুৰণিগুদাম আৰক্ষী উপস্থিত হৈ দ' খাৱৈৰ পৰা বাহন খন উদ্ধাৰ কৰি অচিনাক্ত বাহন খনৰ বিৰুদ্ধে আৰম্ভ কৰিছে তদন্ত।
/asomiyapratidin/media/post_attachments/dd41bf15-8aa.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us