/asomiyapratidin/media/media_files/2026/01/08/1-2026-01-08-21-24-34.jpg)
ডিজিটেল ডেস্কঃ হেঁপাহৰ ভোগালী বিহুটিলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। অসমীয়াৰ এই জাতীয় উৎসৱটিক আদৰিবলৈ ৰাজ্যজুৰি চলিছে ব্যাপক প্ৰস্তুতি। ইয়াৰ মাজতে নগাঁৱৰ ঐতিহ্যমণ্ডিত নেহেৰুৱালিত আজিৰে পৰা অনুষ্ঠিত হৈছে "অসমী ভোগালী মেলা ২০২৬"। তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে অসমী ভোগালী মেলা।
ইপিনে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ,অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জিলা অভিযান পৰিচালনা শাখা নগাঁৱৰ উদ্যোগত অনুষ্ঠিত হৈছে "অসমী ভোগালী মেলা ২০২৬"।
/asomiyapratidin/media/post_attachments/2f771f40-f2d.png)
উল্লেখযোগ্য যে- ভোগালী বিহুৰ প্ৰাকমূহুৰ্তত অনুষ্ঠিত মেলা খনিত গ্ৰামাঞ্চলৰ আত্মসহায়ক গোটৰ মহিলাসকলে নিজ হাতেৰে প্ৰস্তুত কৰা পিঠাপনা,গামোচা,চাদৰ,মেখেলাকে ধৰি বিভিন্ন ধৰণৰ সাজ-পাৰ,বিভিন্ন থলুৱা সামগ্ৰী প্ৰদৰ্শন আৰু সুলভ মূল্যত বিক্ৰী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই অসমী ভোগালী মেলাৰ আনুষ্ঠানিকভাৱে আজি শুভ উদ্বোধন কৰা হয়।
/asomiyapratidin/media/post_attachments/e2fe16be-f1a.png)
এই শুভ উদ্বোধনী অনুষ্ঠানত নগাঁও জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া মনোজ কুমাৰ চিকাৰীয়া,জিলা পৰিষদৰ সভানেত্ৰী গীতাঞ্জলি হাজৰিকা,অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জিলা প্ৰকল্প প্ৰবন্ধক শংখ প্ৰবাল শাণ্ডিল্যকে আদি কৰি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বিভিন্ন বিষয়ববীয়া আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/268d4499-6e7.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us