/asomiyapratidin/media/media_files/2025/12/29/whatsapp-image-2025-12-29-15-01-26.jpeg)
ডিজিটেল ডেস্কঃ অপেক্ষাৰ অন্ত পেলাই বহু প্ৰত্যাশিত বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প মুকলি কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে। আজিৰ এই দিনটো অসমবাসীৰ বাবে হৈ থাকিব এক ঐতিহাসিক দিন। ২২৭ কোটি টকাৰে নিৰ্মাণ কৰা হৈছে বটদ্ৰৱা প্ৰকল্প। 'শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ' মুকলি কৰি ৰাজহুৱা সভাত অংশ গ্ৰহণ কৰে অমিত শ্বাহে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/29/whatsapp-image-2025-12-29-14-59-18.jpeg)
উল্লেখ্য যে,বটদ্ৰৱা প্ৰকল্পৰ উদ্বোধন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে- 'পূৰ্বে অসমত বন্দুক চলিছিল, এতিয়া শংকৰদেৱৰ নাম-প্ৰসংগ চলিব। নৱ-বৈষ্ণৱ ধৰ্মৰ বাবে আজি এটা ডাঙৰ দিন'। লগতে কয় এই প্ৰকল্পৰ শিলান্যাস, উদ্বোধন কৰিবলৈ পোৱাটো তেওঁৰ বাবে সৌভাগ্যৰ কথা।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/29/whatsapp-image-2025-12-2025-12-29-14-59-39.jpeg)
বছৰ বছৰ ধৰি অবৈধ লোকৰ বেদখল কৃত ভূমিত এই প্ৰকল্প নিৰ্মাণ হোৱাটো আমাৰ বাবে এক গৌৰৱৰ কথা বুলি কয়। ইপিনে নগাঁৱৰ এই পবিত্ৰ ভূমিত গুৰু জনাই জন্মলাভ কৰি বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰা গুৰু জনাৰ পবিত্ৰ ভূমিত উপস্থিত হ'বলৈ পায় ধন্য হোৱাৰ কথা কয় অমিত শ্বাহে। লগতে ভাৰতৰত্ন গোপীনাথ বৰদলৈ, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা, কনকলতাক শ্ৰদ্ধাৰে সোঁৱৰে গৃহমন্ত্ৰীগৰাকীয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/29/whatsapp-image-2025-12-29-15-00-06.jpeg)
লগতে তেওঁ উল্লেখ কৰে যে- মুখ্যমন্ত্রীক বেদখলকাৰীক উচ্ছেদ কৰাৰ বাবে ধন্যবাদ জনাইছো বুূলি । কাজিৰঙাৰ দখলীকৃত ভূমিও মুকলি কৰিছে মুখ্যমন্ত্রীয়ে। ইপিনে কংগ্রেছে IMDT আইনৰ অধীনত বাংলাদেশী সংস্থাপনৰ পথ মুকলি কৰিছিল। আমি এটা এটা অবৈধ বাংলাদেশীক চিনাক্ত কৰি বিতাড়নৰ ব্যৱস্থা কৰিম। অসম আন্দোলন শ্বহীদৰ কাৰণে পূৰ্বৰ কংগ্রেছ চৰকাৰে একো নকৰিলে। ৭১বছৰৰ উপেক্ষাক অসমৰ ৰাইজে কেতিয়াও পাহৰি নাযায়। যোৱা ১০টা বৰ্ষত অসমৰ বিকাশৰ মূল ৰূপৰেখা প্রস্তুত হৈছে। পূৰ্বে ইয়াৰ অসমৰ যুৱ শক্তিয়ে হাতত মাৰণাস্ত্র ল’বলগীয়া হৈছিল। আন্দোলনৰ মাজেৰে দিন পাৰ কৰিবলগীয়া হৈছিল অসমে। লাচিত বৰফুকনক প্রধানমন্ত্রীয়ে সমগ্র দেশবাসীৰ সৈতে চিনাকী কৰাই দিছে
গামোচাক GI টেগ প্রদানৰ ক্ষেত্রতো প্রধানমন্ত্রীৰ উল্লেখযোগ্য ভূমিকা আছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/29/whatsapp-image-202-2025-12-29-15-19-59.jpeg)
বৃন্দাৱনী বস্ত্রক প্রদৰ্শনীৰ মাজেৰে বিশ্ববাসীক পৰিচয় কৰাই দিয়াৰ প্রচেষ্টা কৰা হৈছে। কংগ্রেছে কেৱল ভাষণ দিয়ে কিন্তু বিজেপি চৰকাৰে কাম কৰে। টাটা ছেমিকণ্ডাক্টৰ প্রকল্পকে ধৰি বহু গুৰুত্বপূৰ্ণ উদ্যোগ অসমত স্থাপন হৈছে। অসম এতিয়া আন্দোলনৰ পৰিৱৰ্তি বিকাশৰ ভূমিলৈ পৰিৱৰ্তন হৈছে। সমগ্র উত্তৰ–পূবৰ গ্র’থ ইঞ্জিন হিচাপে পৰিগণিত হৈছে অসম। আগন্তুক ৫বছৰৰ বাবে বিজেপিক আন এটা সুযোগ দিয়াৰ আহ্বান। লগতে ৰাজ্যৰ পৰা প্রতিজন অবৈধ নাগৰিকক খেদি পঠিওৱাৰ হুংকাৰ গৃহমন্ত্রীৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us