/asomiyapratidin/media/media_files/2025/12/25/1-2025-12-25-21-04-13.jpg)
ডিজিটেল ডেস্কঃ পাচলিৰ উজান উঠিছে নগাঁৱৰ উৰিয়া গাৱঁৰ বাইপাছ চকৰ ১২৭নং ৰাষ্ট্ৰীয় ঘাইপথত। বস্তাই বস্তাই ১২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পাচলি নিছে একংশ লোকে।নগাঁৱৰ উৰিয়া গাৱঁত পাচলি ভৰ্তি এখন ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত হয়। ইপিনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথতে তিনি লুটি খায় ট্ৰাকখনে।
/asomiyapratidin/media/post_attachments/02c5b146-459.png)
উল্লেখ্য যে, ইয়াৰ পাছতেই ঘটনাস্থলীত সৃষ্টি হয় অনাকাংক্ষিত পৰিস্থিতি। VIP গাড়ী ৰাখিও বস্তাৰ সৈতে বহু পাচলি লৈ যোৱা পৰিলক্যাষিত হয় যাত্ৰীয়ে। দুৰ্ঘটনাটোৰ বাবে তীব্ৰ যান জটঁৰ সৃষ্টি হয় ৰাষ্ট্ৰীয় ঘাইপথত। ইপিনে ঘটনাস্থলীত নগাঁৱৰ যান-বাহন আৰক্ষী উপস্থিত হৈ যান-জঁট নিয়ন্ত্ৰণ কৰা পৰিলক্ষিত হয়।
/asomiyapratidin/media/post_attachments/3e304a64-61a.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us