ডিজিটেল সংবাদ , নগাঁও : নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত বুধবাৰে নগাঁও মহাবিদ্যালয়ৰ সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মা প্ৰেক্ষাগৃহত 'অসমীয়া ভাষালৈ ধ্ৰুপদী ভাষাৰ স্বীকৃতি - আমাৰ কৰ্তব্য আৰু দায়বদ্ধতা ' শীৰ্ষক চিন্তন বৈঠক অনুষ্ঠিত হয়। এই বিষয়টো সামগ্ৰিক ভাবে আগবঢ়াই নিয়া অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড: কুলধৰ শইকীয়াক নগাওঁ জিলা সাহিত্য সভাই " ধ্ৰুপদী ভাষা ৰত্ন " সন্মান প্ৰদান কৰে।অসম সাহিত্য সভাৰ সভাপতি পদ্মশ্ৰী ড : সূৰ্যকান্ত হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত এই সন্মান গ্ৰহণ কৰি ড : কুলধৰ শইকীয়াই কয় যে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰা সুখানুভুতিৰ অংশীদাৰ হল অসম সাহিত্য সভা।
ইয়াৰ বাবে আমি যুদ্ধ কৰিব লগা হৈছিল। আমি কেইজনমানে এই কাম গোপনে কৰিবলগীয়া হৈছিল যাতে অসমীয়া ভাষা বিৰোধী সকলে গম নাপায়। ২০২১ চনৰ ১৯ মাৰ্চত এই অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতিৰ বাবে সাহিত্য অকাডেমীলৈ ৩৯২ পৃষ্ঠাৰ প্ৰতিবেদন পঠিওৱাৰ কথা উল্লেখ কৰি ড :শইকীয়াই অসম সাহিত্য সভাৰ সভাপতি পদৰ পৰা সাংবিধানিক ভাবে অব্যাহতি লোৱাৰ পিছতো অসম সাহিত্য সভাই তেওঁক এই দ্বায়িত্ব অৰ্পণ কৰাৰ বাবে সাহিত্য সভাক কৃতজ্ঞতা জনাই।অনুষ্ঠানটোত কোনো এজন অসমীয়া লোক নথকাৰ বাবে প্ৰতিবেদন পঠিওৱাৰ পিছত ভয় খাইছিলোঁ। অৱশ্যে এইক্ষেত্ৰত আমি সফল হলো। অসমীয়া ভাষা এৰাসুতি নহয়। ইয়াৰ নিজস্বতা আছে।
সাহিত্য সভাই বহু ভাল কাম কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় ভাল কামৰ ধাৰাবাহিকতা ৰক্ষা কৰিব লাগে। তেতিয়াহে অসম সাহিত্য সভা আৰু অসমীয়া ভাষাৰ উত্তৰণ হব। অসমত অসমীয়া ভাষাৰ সামগ্ৰিক প্ৰয়োগৰ বাবে আমি সকলোৱে আগবাঢ়িব লাগিব। অসমৰ চৰকাৰী কাৰ্যালয় ,আদালত আদিত অসমীয়া ভাষা প্ৰয়োগৰ বাবে তেওঁলোকৰ লগত আলোচনা কৰিব লাগে। মহাৰাষ্ট্ৰ চৰকাৰে মাৰাঠী ভাষা বিকাশৰ বাবে অক্সফোৰ্ড ডিক্সনেৰীত অন্তৰ্ভুক্ত কৰি ড নিজস্ব কাম আগবঢ়াই নিছে। আমাৰো তেনে দৃষ্টিভংগী থাকিব লাগিব।ভাষণ প্ৰসঙ্গত ড:শইকীয়াই কয় যে ভাষাৰ বিকাশৰ লগত অৰ্থনীতি জড়িত থাকিব লাগে। তেওঁ অসমীয়া ভাষা ধ্ৰুপদী ভাষা হিচাপে উৎকৰ্ষ সাধনৰ বাবে আন্তৰ্জাতিক পৰ্যায়ত দুটা বটা ঘোষণা কৰিবলৈ অসম সাহিত্য সভাক আহ্বান জনায়।
নিজৰ চমু ভাষণত সাহিত্য সভাৰ সভাপতি তথা আজিৰ অনুষ্ঠানৰ সঞ্চালক ড :সুৰ্যকান্ত হাজৰিকাই বিভিন্ন উদ্ধৃতিৰে কয় অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাটো সমগ্ৰ অসমবাসীৰ বাবে গৌৰৱৰ কথা। কেবাখনো বিখ্যাত গ্ৰন্থৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় একাংশ লিখকে অসমীয়া ভাষাক বাংলাভাষাৰ অপভ্ৰংশ বুলি অপপ্ৰচাৰ চলাইছিল। আমি এনে চিন্তাৰ সামগ্ৰিক ভাবে বাধা দিব লাগিব।এয়া আমাৰ কৰ্তব্য। আমাৰ সকলোৰে মাজত ভাষাৰ চেতনা আহিব লাগিব। তেতিয়াহে অসমীয়া ভাষালৈ ধ্ৰুপদী ভাষাৰ স্বীকৃতিয়ে পুৰ্ণতা লাভ কৰিব। সভাপতি হাজৰিকাই অভিলেখাগাৰত ১০ হাজাৰ গ্ৰন্থ থকা এক তথ্যৰ প্ৰেইন ড্ৰাইভ নগাঁও জিলা সাহিত্য সভাক অৰ্পণ কৰে।
অসম সাহিত্য সভাৰ উপসভাপতি ড :গিৰীশ সন্দিকৈয়ে উদ্ধোধন কৰা অনুষ্ঠানত নগাঁও কলেজৰ প্ৰাক্তন অধ্যক্ষ ড :শৰৎ বৰকটকীয়ে বিশিষ্ট অতিথিৰ ভাষণ প্ৰদান কৰে ।অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱা ,নগাঁও কলেজৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ মজিন্দাৰ আদি কেবাগৰাকী বিশিষ্ট লোকে অংশগ্ৰহণ কৰে।জিলা সাহিত্য সভাৰ সম্পাদক ৰেৱত কুমাৰ হাজৰিকাই আতধৰা অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্তই।