নগাঁও বিশ্ববিদ্যালয় স্নাতক সমাৰোহ-২০২৫...

সমস্যা দেখি পলায়ন নকৰি সমস্যাৰ সতে যুঁজ দিব লাগে বুলি আজি অনুষ্ঠিত নগাঁও বিশ্ববিদ্যালয় স্নাতক সমাৰোহ-২০২৫ ত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নগাঁও জিলাৰ আয়ুক্ত

author-image
Asomiya Pratidin
New Update
hrdfhdfhdfj

ডিজিটেল সংবাদ,নগাঁওঃ সমস্যা দেখি পলায়ন নকৰি সমস্যাৰ সতে যুঁজ দিব লাগে বুলি আজি অনুষ্ঠিত নগাঁও বিশ্ববিদ্যালয় স্নাতক সমাৰোহ-২০২৫ ত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মাই মন্তব্য কৰে। নগাঁও বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপিকা ড০ অনন্যা হিলৈদাৰীয়ে আঁত ধৰা ‘নগাঁও বিশ্ববিদ্যালয় স্নাতক সমাৰোহ-২০২৫’ ত শৰ্মাই লগতে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি তেখেতৰ ব্যক্তিগত অভিজ্ঞতাৰে জীৱনত কেনেদৰে সমস্যাক নেওচি আগুৱাই যাব পাৰি সেই সম্পৰ্কে মন্তব্য কৰে।

ডিগ্ৰী আহৰণ কৰাৰ লগতে সামাজিক দায়বদ্ধতাৰ প্ৰতিও ছাত্ৰ-ছাত্ৰীসকলে গুৰুত্ব দিব লাগে বুলি মন্তব্য কৰে। পিতৃ-মাতৃৰ প্ৰতিও শ্ৰদ্ধাৰ মনোভাব পোষণ কৰিব লাগে বুলি মন্তব্য কৰে। জীৱনটো ত্ৰিভুজৰ দৰে, সকলোৱে উচ্চতম বিন্দু পাবগৈ বুলি কোনো কথা নাই কিন্তু সফলতাৰ কোনোবা এটা শৃংগত উপনীত হ’হ পাৰি যি হয়তো উচ্চতম বিন্দুতকৈ সুন্দৰ হ'ব পাৰে বুলি মন্তব্য কৰে।

নগাঁও বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক ধ্ৰুৱজ্যোতি বৰুৱাই আদৰণী ভাষণ প্ৰদান কৰে। ভাষণত তেখেতে ১৯৪৪ চনৰ ৭আগষ্টত স্থাপিত হৈ নগাঁও মহাবিদ্যালয়ে সুদীৰ্ঘ  ৮১ বছৰ ধৰি মধ্য অসমত প্ৰাণকেন্দ্ৰ হিচাপে থিয় হৈ আজি বিশ্ববিদ্যালয়ৰ ৰূপ লাভ কৰে বুলি মন্তব্য কৰে। নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ হিতেশ ডেকাই ভাষণত ছাত্ৰ-ছাত্ৰীসকলক নিজে আগুৱাই যোৱাৰ লগতে সমাজখনকো আগুৱাই নিবলৈ আহ্বান জনায়। আহৰণ কৰা শিক্ষা সমাজত বিলাই দিলেহে শিক্ষা সম্পূৰ্ণ হ’ব বুলি ড০ ডেকাই মন্তব্য কৰে।

স্নাতক সমাৰোহত নগাঁও বিশ্ববিদ্যালয়ৰ পৰা উত্তীৰ্ণ শ্ৰেষ্ঠ স্নাতক, সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষা নেট-শ্লেট-গেট উত্তীৰ্ণ সকলোকে বঁটা প্ৰদান কৰা হয়। নগাঁও বিশ্ববিদ্যালয়ৰ পৰা কলা, বিজ্ঞান, বাণিজ্য আৰু বি.এম.এল.টি শাখাৰ পৰা শীৰ্ষ স্থান লাভ কৰা এঘাৰ গৰাকী ছাত্ৰ-ছাত্ৰীক বঁটা প্ৰদান কৰা হয়। ২০২৫ বৰ্ষৰ নগাঁও বিশ্ববিদ্যালয়ৰ  শ্ৰেষ্ঠ স্নাতক হ’ল গণিত বিভাগৰ আকাশ কুণ্ডু, দ্বিতীয় শ্ৰেষ্ঠ স্নাতক হ’ল কৌস্তৱ দত্ত আৰু তৃতীয় শ্ৰেষ্ঠ স্নাতক বিস্মিতা চাহা। কলা শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠ স্নাতকৰ বঁটা লাভ কৰে ক্ৰমে অসমীয়া বিভাগৰ কাব্যৰূপা বৰা, অৰ্থনীতি বিভাগৰ নিতু শৰ্মা আৰু পাৰমিতা বৰঠাকুৰ আৰু  ভূগোল বিভাগৰ ড্ৰিমলী দত্তই।

বিজ্ঞান শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠ স্নাতকৰ বঁটা লাভ কৰে ক্ৰমে গণিত বিভাগৰ আকাশ কুণ্ডু, কৌস্তভ দত্ত আৰু শৰ্মিষ্ঠা শৰ্মাই। বাণিজ্য শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্নাতকৰ বঁটা লাভ কৰে ক্ৰমে বিস্মিতা চাহা, ঋষভ দাস আৰু আশ্মি শৰ্মাই। বিএমএলটি শাখাত ক্ৰমে ফৰহাদ আলম, নিশিতা ডেকা আৰু ৰাগিনী বৰদলৈয়ে প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠ স্নাতকৰ বঁটা লাভ কৰে। এই সমাৰোহতে কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ সৰ্বোচ্চ স্থানপ্ৰাপ্ত তিনিগৰাকী ছাত্ৰ-ছাত্ৰীক নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ স্বৰ্গীয় ৰঞ্জন ভৰালীৰ স্মৃতিত গঠিত ‘ৰঞ্জন ভৰালী স্মাৰক বঁটা’ প্ৰদান কৰা হয়। এই বঁটা প্ৰদান কৰে ‘ৰঞ্জন ভৰালী সোঁৱৰণী ন্যাস’ৰ দাতা বিউটি বৰাই।

এই বঁটাত এখন মানপত্ৰ আৰু ৫০০০ টকাকৈ প্ৰদান কৰে। নগাঁও বিশ্ববিদ্যালয়ৰ অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰা কাব্যৰূপা বৰাক ‘তাৰিণী প্ৰসাদ শৰ্মা আৰু প্ৰতিভা দেৱী স্মাৰক বঁটা’ প্ৰদান কৰা হয়। এই বঁটা প্ৰদান কৰে তাৰিণী প্ৰসাদ শৰ্মাৰ পুত্ৰ বিশিষ্ট চিকিৎসক ডাঃ দীপক কুমাৰ শৰ্মাই। বঁটাত ৫০০০ টকাৰ চেক আৰু মান পত্ৰ প্ৰদান কৰে। নগাঁও বিশ্ববিদ্যালয়ৰ মহিলা কোষেও শ্ৰেষ্ঠ স্নাতকক বঁটা প্ৰদান কৰে। এই বঁটাত ২০০০টকা আৰু স্মাৰক প্ৰদান কৰে।

সদ্যঘোষিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষা নেট-শ্লেট-গেটত সফলতা লাভ কৰা নগাঁও বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ সৰ্বমুঠ ৪৫ গৰাকী ছাত্ৰ-ছাত্ৰীক মান পত্ৰ প্ৰদান কৰা হয়। এই সমাৰোহত উপস্থিত থাকে নগাঁও বিশ্ববিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা, অনাশিক্ষক কৰ্মচাৰী আৰু দুই সহ্স্ৰাধিক ছাত্ৰ-ছাত্ৰী। বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা ‘নগাঁও বিশ্ববিদ্যালয় স্নাতক সমাৰোহ-২০২৫’ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনেৰে অন্ত পৰে।

নগাওঁ