/asomiyapratidin/media/media_files/2026/01/09/rffrfrrf-2026-01-09-22-41-16.jpg)
ডিজিটেল সংবাদ, নগাঁওঃ আজিৰে পৰা কামৰূপৰ মিৰ্জাত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে ৩৪ সংখ্যক অসম আন্তঃ জিলা জিমনাষ্টিকছ প্ৰতিযোগিতা৷ মিনি শাখা পৰ্যায়ৰ পৰা ছিনিয়ৰ শাখা (উভয় শাখা) পৰ্যায়লৈ হ’বলগীয়া প্ৰতিযোগিতাখনৰ মিনিৰ ছোৱালী শাখাৰ শ্ৰিয়াংশী দাসে তৃতীয় স্হান লাভ কৰি ব্ৰ’ঞ্জৰ পদক বুটিবলৈ সক্ষম হয়৷
ফলত তেওঁ এটা পৰিয়ালৰ তৃতীয় প্ৰজন্মৰ খেলুৱৈ৷ ধাৰাবাহিকভাৱে ক্ৰীড়াক্ষেত্ৰত এই অৱদান অটুট ৰখাৰ বাবে নগাঁও ক্ৰীড়াপ্ৰেমীসকলে পৰিয়ালটোক ধন্যবাদ জ্ঞাপন কৰিছে৷ মনকৰিবলগীয়া যে, শ্ৰিয়াংশীৰ ককাদেউতাক প্ৰয়াত অনন্ত কুমাৰ দাস ফুটবল আৰু এথলেটিকছত ৰাজ্যিক দলত প্ৰতিনিধিত্ব কৰিছিল৷
পিচত দেউতাক তপন কুমাৰ দাস হকীত ৰাজ্যিক তথা ৰাষ্ট্ৰীয় দলক প্ৰতিনিধিত্ব কৰিছিল৷ বৰ্তমানে তপন এগৰাকী সুদক্ষ ক্ৰীড়া সংগঠক৷ তেওঁৰ কন্যা অৰ্থাৎ তৃতীয় প্ৰজন্ম ৰ খেলুৱৈ শ্ৰিয়াংশী দাসে জিমনাষ্টিকছত পদক লাভ কৰি নগাঁও তথা অসমৰ ক্ৰীড়াক্ষেত্ৰত এক ইতিহাস ৰচিলে৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us