বিশিষ্ট সমাজ সেৱীকা ৰুনুজ্যোতি গোস্বামীৰ দেহাৱসান…

বিশিষ্ট সমাজ সেৱীকা ৰুনুজ্যোতি গোস্বামীৰ দেহাৱসান…

Published on

ডিজিটেল সংবাদ, নগাঁওঃ সাংবাদিক পৰিষদ অসম'ৰ প্ৰাক্তন সভাপতি সঞ্জীৱ গোস্বামীৰ মাতৃ তথা জি.আই.টিৰ সঞ্চালিকা ৰুনুজ্যোতি গোস্বামীৰ শনিবাৰে ৰাতিপুৱা নগাঁৱৰ নিজ বাস গৃহত হৃদজনিত ৰোগত আক্ৰান্ত হৈ অকাল মৃত্যুক আকোৱালি লয় । মৃত্যুৰ সময়ত তেখেতৰ বয়স ৬৭ বছৰ । ৰুনুজ্যোতি গোস্বামী বঢ়মপুৰ আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী আছিল । বিশিষ্ট সমাজ সেৱীকা ৰুনুজ্যোতি গোস্বামীৰ মৃত্যুত জি.আই.টিকে ধৰি সমগ্র নগাঁওতে শোকৰ ছাঁ পৰে । গোস্বামীৰ মৃত্যুত সাংবাদিক পৰিষদ অসম আৰু ৰঙিয়া মহকুমা প্ৰেছ এছ'চিয়েশ্বনৰ তৰফৰ পৰা শোক প্ৰকাশ কৰি আত্মাৰ চিৰশান্তি কামনা কৰে লগতে পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাই ।

X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in