
ডিজিটেল সংবাদ, নগাওঁঃ নিশাই নহয় এতিয়া পুৱাও বিপদজনক হৈ পৰিছে নগাঁৱৰ লোকৰ বাবে ৷ বিশেষকৈ পুৱা প্ৰাত:ভ্ৰমণলৈ ওলোৱা লোকৰ বাবে বিপদজনক হৈ পৰিছে নগাঁও ৷ চিকিৎসকৰ পৰামৰ্শ মৰ্ম্মে ৰোগগ্ৰস্হ লোক বা সুস্হ শৰীৰ কৰি ৰখাৰ স্বাৰ্থত প্ৰাত:ভ্ৰমণ আৰু বিশুদ্ধ অম্লজান সেৱনৰ বাবে পুৱা ওলোৱা লোকৰ বাবে বিপদজনক হৈ পৰিছে ৷ বিশেষকৈ নগাঁৱৰ উৰিয়াগাঁৱৰ পৰা ডিমৌলৈকে থকা বাইপাচটো বিপদজনক হৈ পৰিছে ৷
আজি পুৱা এজন ৫৭ বছৰীয়া লোক অপৰাধীৰ কবলত পৰে ৷ দুজনীয়া অপৰাধীৰ দলটোয়ে আনকি ব্যক্তিজনক হত্যাৰো চেষ্টা চলায় ৷বৰ্তমান নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালত অচেতন অৱস্হাত থকা ব্যক্তজনৰ নাম হৈছে মহেন্দ্ৰ কাকতী ৷
জানিব পৰা মতে চিকিৎসকৰ পৰামৰ্শ মতে শাৰিৰীক ভাবে বাধাগ্ৰস্হ মহেন্দ্ৰ কাকতী নিজৰ তিনিচকীয়া স্কুটিখনেৰে বাইপাচলৈ চলাই গৈছিল ৷
পুৱা ৬বজাতে ওলাই যোৱা কাকতীয়ে উৰিয়াগাঁও পোৱাৰ পিছতে দুজন যুবকে আগ ভেটি ধৰে ৷ যুবক দুজনে মহেন্দ্ৰ কাকতীক আক্ৰমণ কৰি লুট পাত চলায় বিষাক্ত দ্ৰব্য স্পে কৰি আতৰি যায় ৷ পিছত স্হানীয় লোকে উৰিয়াগাঁৱৰ বাইপাচত অচেতন অৱস্হাত উদ্ধাৰ কৰি পৰিয়ালৰ লোকক খবৰ দিয়ে ৷ লগতে মহেন্দ্ৰ কাকতীক নগাঁও ভোগেশ্বৰী ফুকননী চিকিৎসালয়ত ভৰ্ত্তি কৰে ৷ উল্লেখ্য নগাঁৱৰ বাইপাচত সঘনে ডকাইতি , মৃতদেহ উদ্ধাৰৰ আদিৰ ঘটনা সংঘটিত হৈ আহিছে ৷