পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও সংমণ্ডলৰ বিদ্যালয়সমূহক বিশেষ নিৰ্দেশনা...

নগাঁও জিলা প্ৰশাসনৰ নিৰ্দেশ অনুসৰি নগাঁও সংমণ্ডল বিদ্যালয় সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথে  জাৰি কৰা এক নিৰ্দেশনাৰ জৰিয়তে বিদ্যালয় সমূহৰ পাঠদানৰ সময় সূচীৰ পৰিৱৰ্তন কৰিছে।  

author-image
Asomiya Pratidin
New Update
basss

ডিজিটেল সংবাদ ,নগাঁও: নগাঁও জিলা প্ৰশাসনৰ নিৰ্দেশ অনুসৰি নগাঁও সংমণ্ডল বিদ্যালয় সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথে  জাৰি কৰা এক নিৰ্দেশনাৰ জৰিয়তে বিদ্যালয়সমূহৰ পাঠদানৰ সময় সূচীৰ পৰিৱৰ্তন কৰিছে।  

ddddddds

বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত বিদ্যালয় সমূহৰ পাঠদানৰ সময় সূচী পৰিবৰ্তন ঘটাই পুৱা ৭.৩০ বজাৰ পৰা কৰিবলৈ ইতিপূৰ্বে নিৰ্দেশ দিছিল যদিও সম্প্ৰতি বতৰ স্বাভাৱিক হোৱাৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ পূৰ্বৰ সময় সূচী অনুসৰি পাঠদান কৰিবলৈ নগাঁও সংমণ্ডল বিদ্যালয় সমূহৰ পৰিদৰ্শকে নিৰ্দেশটোত উল্লেখ কৰাৰ লগতে অহা ১৮ আগষ্টৰ পৰা এই সময় সূচী বাধ্যতামূলক ভাৱে পৰিবৰ্তন কৰিবলৈ চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় সমূহলৈ নিৰ্দেশনা দিয়ে।

নগাওঁ