
ডিজিটেল সংবাদ , নগাঁও : নগাঁও জিলাৰ ৪০১ জন লোকে মৃত্যুক সাৱতি ল'ব লগা হৈছে ৷ বিগত সময়চোৱাত এই বৃহৎ সংখ্যক লোকে কৰুন মৃত্যুক সাৱতিলে ৷ কেনেকৈ সংঘটিত হল ৪০১ জন লোকৰ মৃত্যু ?
জিলাখনৰ বিভিন্ন স্হানত সংঘটিত ৯৪৮ টা ঘটনাত এই বৃহৎ সংখ্যক লোকে মৃত্যুক সাবতি লগা হয় ৷ নগাঁৱৰ বিভিন্ন স্হানত সংঘটিত পথ দুৰ্ঘটনাত এই সকল লোকৰ মৃত্যু হৈছে ৷ ২০২২ চনৰ ২২ জানুৱাৰীলৈকে পথ দুৰ্ঘটনাত ১৭ জনৰ মৃত্যু হয় ৷ ২২ দিনত ১৭ জনৰ মৃত্যু চিন্তনীয় ৷ ২০২১ চনত ১৮৯ জনে মৃত্যুক সাৱতি লয় ৷ ২০২০ চনত ১৯৫ জনে মৃত্যুক সাৱতি লয় ৷ বিগত সময়চোৱাত সৰ্বমুঠ ৪০১ জনৰ নগাঁৱত পথ দুৰ্ঘটনাত মৃত্যু হয় ৷
২০২০ চনৰ পৰা নগাঁৱত মুঠ পথ দুৰ্ঘটনা সংঘটিত হয় ৯৪৮ টা ৷ দুৰ্ঘটনাত ৬৯২ জন লোক আহত হৈ চিকিৎসালয়ত ভৰ্তি হব লগা হয় ৷ এই বৃহৎ সংখ্যক লোক পথ দুৰ্ঘটনাত পতিত হব লগা হোৱাৰ মূলতে কেবাটাও কাৰক আছে ৷ এই কাৰক সমূহৰ ভিতৰত আছে অনিয়ন্ত্ৰিত গতিত দুচকীয়া বাহনকে ধৰি আন যানবাহন চলোৱা , নিচা সেৱন কৰি বাহন চলোৱা , গাড়ীত চিটবেল্ট নলগোৱা , হেলমেট পৰিধান নকৰা , পথৰ দুৰবস্হা আদি ৷ দুৰ্ঘটনাৰ এই তথ্য নগাঁও জিলা আৰক্ষীৰ ৷ নগাঁও আৰক্ষীৰ অধীনৰ ১৫ খন থানাৰ এলেকাত এই পথ দুৰ্ঘটনা সমূহ সংঘটিত হয় ৷
২০২১ বৰ্ষটোত নগাঁৱত সংঘটিত হয় বিভিন্ন অপৰাধ জনিত ঘটনা ৷ আৰক্ষীয়ে ২০২১ বৰ্ষত সৰ্বমুঠ ৭৯৮৬ টা গোচৰ ৰুজু কৰিছে ৷ বেচি গোচৰ ৰুজু হোৱা থানাখন হৈছে নগাঁও সদৰ থানা ৷ নগাঁও সদৰ থানাত ৰুজু হোৱা গোচৰৰ সংখ্যা হৈছে ৩৩৫২ টা ৷ কম গোচৰ ৰুজু হোৱা থানাখন হৈছে লাওঁখোৱা চাপৰি ৷ লাওখোৱা চাপৰিত ৰুজু হোৱা গোচৰৰ সংখ্যা হৈছে ৬০ টা ৷
২০২১ বৰ্ষটোত নগাঁও আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ অধীনত থকা পোন্ধৰখন থানাত ক'ত কিমান গোচৰ ৰুজু হয় তাৰ তালিকাখন তলত উল্লেখ কৰা হ'ল ৷ তালিকা অনুসৰি বটদ্ৰবা আৰক্ষী থানাত ২৪৯ টা গোচৰ , ধিঙত ৭০৭ , জুৰীয়াত ৭৮৮ , জাজৰীত ১১৯ , জখলাবন্ধাত ১১৮ , কচুৱাত ২৬৫ , কামপুৰত ২০৭ , খাটোৱালত ১০৭ , কলিয়াবৰত ১২২ , ৰূপহীহাটত ৮২৫ , ৰহা ৪১৭ ,চামগুৰিত ৫৫৫ , উলুৱনীত ৯৫ টা গোচৰ ৰুজু হয় ৷