নগাঁও জিলা পুথিভঁৰালত ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱাগত আদৰণি সভা..

নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মা , নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° হিতেশ ডেকা আৰু শোণিতপুৰ ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অজিত হাজৰিকা দেৱৰ উপস্থিতিত

author-image
Asomiya Pratidin
New Update
ujjd

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মা , নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° হিতেশ ডেকা আৰু শোণিতপুৰ ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অজিত হাজৰিকা দেৱৰ উপস্থিতিত নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহ ত বিংশতিতম বৰ্ষত ভৰি থোৱা নগাঁও চহৰৰ অগ্ৰণী বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠান ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয় নৱাগত আদৰণি সভাখন অনুষ্ঠিত হয়।

ddddd

পুৱা ৭:৪৫ বজাত বিদ্যালয় চৌহদত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বিপুল কুমাৰ বৰা দেৱ ৰ  বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা অনুষ্ঠানটিৰ পতাকা উত্তোলন কৰে অধ্যক্ষ দিলীপ কুমাৰ বৰা দেৱে ।  বিদ্যালয়ৰ উপাধ্যক্ষা সংগীতা বৰুৱা বৰা ই আঁত ধৰা   নগাঁও জিলা পুথিভঁড়াল ৰ প্ৰেক্ষাগৃহত   অনুষ্ঠিত সভাখনত জিলা আয়ুক্ত গৰাকী য়ে গম্ভীৰ বক্তৃতাৰে শিক্ষক -শিক্ষাৰ্থী সকলোকে মোহিত কৰাৰ  উপৰিও ড° ভূপেন হাজৰিকাৰ গীতৰ মাজেৰে  সামাজিক দায়বদ্ধতাৰ জ্ঞান বিলাই  মানুহৰ বাবে ভাবিবলৈ নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰে।ffffffffffffff

শিল্পী সুলভ আবেগেৰে ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয় আৰু ইয়াৰ গৰিমাক লৈ উৎফুল্লিত হৈ পৰে ব্যক্তি গৰাকী। সন্মানীয় অতিথি ড° ডেকা দেৱে ৰামানুজনলৈ আহি শৈক্ষিক জীৱনৰ পূৰ্ণতা প্ৰাপ্তি লাভ কৰা বুলি উল্লেখ কৰি বৰ সৰল ভাষাৰে জীৱন বোধৰ জ্ঞান দিবলৈ গৈ চিকিৎসক, অভিযন্ত্ৰা নহ'লেও যে  সু ব্যক্তি হিচাপে প্ৰতিষ্ঠা লাভ কৰিব পাৰি সেয়া অৱগত কৰে ।

dddddddddddddd

ম'বাইল ফোনৰ গ্ৰাসৰ পৰা নৱপ্ৰজন্মক উদ্ধাৰৰ বাবে তেওঁ ম'বাইল ফোনক চিক্ চিকিয়া চুৰি লগত তুলনা কৰি তাক ব্যৱহাৰৰ সাৱধানতা সম্পৰ্কে বক্তব্য ডাঙি ধৰে।  অসম স্বাধীন হ'লে কি হ'ব যদি আই.এচ. / এ.পি.এচ বিষয়া বিদেশৰ পৰা আহি আমাক শাসন কৰে প‌্ৰসংগৰ অৱতাৰণাৰে ড্° অজিত হাজৰিকা দেৱে ছাত্ৰ-ছাত্ৰীক সকলক কু অভ্যাস ত্যাগ কৰি সততা আৰু শ্ৰমৰে জীৱনক প্ৰতিষ্ঠা ৰ বাবে শিক্ষাৰ্থী ক আহ্বান জনায়। তেওঁৰ মতে বজাৰ আৰু পথাৰ নিজৰ হাতত থাকিলেহে জাতি জীয়াই থাকিব

ddddddddddddddddd

অনুষ্ঠানটিত বিহালী মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ৰাতুল কুমাৰ নাথ, শোণিতপুৰ ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ সহযোগী অধ্যাপক জ্যোতিপ্ৰসাদ ভূঞা,বিদ্যালয়খনৰ অধ্যক্ষ দিলীপ কুমাৰ বৰা, উপাধ্যক্ষা সংগীতা বৰুৱা বৰা কে প্ৰমূখ্য কৰি বিদ্যালয়ৰ শিক্ষকসকলে আদৰণি ভাষণ আগবঢ়ায়।

উল্লেখযোগ্য যে এই সভাখনৰ অংগ হিচাপে  ফুলাই বৰা স্মাৰক শিক্ষাৰ্থী বঁটা প্ৰদান অনুষ্ঠানটিও অনুষ্ঠিত হয় । উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিশেষ কৃতিত্ব দেখুওৱা ছাত্ৰ-ছাত্ৰী লৈ এই বঁটা আগবঢ়োৱাৰ
লগতে অসমৰ ভিতৰত বিভিন্ন বিষয়ত সৰ্ব্বোচ্চ নম্বৰ প্ৰাপ্ত ছাত্ৰ -ছাত্ৰী আৰু বিদ্যালয়ৰ কীৰ্তি শিক্ষক সকলকো সন্মানিত  কৰা হয় ।

ddddddddddddddd

উল্লেখ্য যে এই অনুষ্ঠানৰ লগতে সংগতি নগাঁও ছোৱালী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা শ্ৰী যুতা ৰীতা তালুকদাৰ বাইদেউ আৰু তেওঁৰ পৰিয়াল বৰ্গই প্ৰয়াস সত্যেন্দ্ৰনাথ তালুকদাৰৰ স্মৃতিত সুখ্যাতিৰে NEET উত্তীৰ্ণ শিক্ষাৰ্থী লৈ বিগত বৰ্ষবোৰৰ দৰে এইবাৰো বিশেষ বঁটাটি আগবঢ়াই । ৰীতা তালুকদাৰ বাইদেউ প্ৰয়াত সত্যেন্দ্ৰনাথ তালুকদাৰৰ সহধৰ্মিণী। সভাৰ শেষত ন-পুৰণি ছাত্ৰ -ছাত্ৰী সকলৰ প্ৰীতি মিলন তথা সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয় ।

নগাঁও চহৰ নগাঁও