চাপৰমুখৰ সমাজকৰ্মী, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক পূৰ্ণকান্ত শৰ্মাৰ বিয়োগ...

নগাঁও জিলাৰ চাপৰমুখ গছপৰাৰ  সমাজকৰ্মী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক পুৰ্ণকান্ত শৰ্মা (৮৫) শুক্ৰবাৰে পুৱতিনিশা নিজা বাসভ ৱনত শেষ নিশ্বাস ত্যাগ কৰে | ১৯৪১ চনত গছপৰাত জন্মগ্ৰহণ কৰা শৰ্মাই হাইস্কুলীয়া

author-image
Asomiya Pratidin
New Update
tggs

ডিজিটেল সংবাদ, নগাওঁঃ নগাঁও জিলাৰ চাপৰমুখ গছপৰাৰ   সমাজকৰ্মী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক পুৰ্ণকান্ত শৰ্মা (৮৫) শুক্ৰবাৰে পুৱতিনিশা নিজা বাসভ ৱনত শেষ নিশ্বাস ত্যাগ কৰে | ১৯৪১ চনত গছপৰাত জন্মগ্ৰহণ কৰা শৰ্মাই হাইস্কুলীয়া শিক্ষা চাপৰমুখ বি বি হান্চাৰিয়াত সম্পূৰ্ণ কৰি নগাঁও নাইট কলেজৰ পৰা বিএ ডিগ্ৰী গ্ৰহন কৰে |

ডিগ্ৰী গ্ৰহনৰ পিচতে গছপৰা মজলীয়া বিদ্যালয়ৰ সহকাৰী শিক্ষক হিচাপে যোগদান কৰে | ১৯৯৯ চনত প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰে | অঞ্চলৰ প্ৰায়বোৰ উন্নয়নমূলক কামত আত্মনিয়োগ কৰা সদ্যপ্ৰয়াত পুৰ্ণকান্ত শৰ্মা গছপৰা অঞ্চলৰ প্ৰতিটো ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল |

শৰ্মাৰ মৃত্যুত অঞ্চলটোৰ  সকলো চৰকাৰী বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান অৰ্দ্ধচুটি দিয়াৰ লগতে এদিনীয়াকৈ শোকপালন কৰে | মৃত্যুৰ সময়ত শিক্ষাবিদ শৰ্মাই পুত্ৰ-বোৱাৰী,নাতি-নাতিনী, তিনিগৰাকী কন্যা জোৱাই নাতি-নাতিনীৰ লগতে বহু আত্মীয় স্বজনক এৰি থৈ যায় |

অসম