নগাঁৱৰ বিশিষ্ট অধিবক্তা তথা অসম আন্দোলনৰ অন্যতম নেতা প্ৰদ্যুৎ কুমাৰ বৰা আৰু নাই...

নগাঁৱৰ বিশিষ্ট অধিবক্তা তথা অসম আন্দোলনৰ অন্যতম নেতা প্ৰদ্যুৎ বৰাৰ ( দুলু) আজি সন্ধিয়া প্ৰায় ৮ বজাত মৃত্যু  হয়। তেওঁ আজি কিছুদিন ধৰি অসুস্থ হৈ আছিল।বিভিন্ন সামাজিক - সাংস্কৃতিক কামকাজৰ লগত জড়িত

author-image
Asomiya Pratidin
New Update
cccccccccccc

ডিজিটেল সংবাদ,নগাঁওঃ নগাঁৱৰ বিশিষ্ট অধিবক্তা তথা অসম আন্দোলনৰ অন্যতম নেতা প্ৰদ্যুৎ বৰাৰ ( দুলু) আজি সন্ধিয়া প্ৰায় ৮ বজাত মৃত্যু  হয়। তেওঁ আজি কিছুদিন ধৰি অসুস্থ হৈ আছিল।বিভিন্ন সামাজিক - সাংস্কৃতিক কামকাজৰ লগত জড়িত প্ৰদ্যুৎ বৰা উত্তৰ পুৱ ভাৰতৰ অগ্ৰণী স্বেচ্ছাসেৱী সেবী অনুষ্ঠান শ্ৰীমন্ত শংকৰ মিশ্যনৰ প্ৰাক্তন সভাপতি , নগাঁও পৌৰসভাৰ প্ৰাক্তন সভাপতি , নগাঁও উকীল সন্থাৰ প্ৰাক্তন সভাপতি আছিল।

তেওঁ নগাঁও ভোগালী বিহু উৎসৱৰ এজন অন্যতম উদ্যোক্তা আছিল।তদুপৰি বৰা  আছিল নগাঁও টেনিছ ক্লাৱৰ অন্যতম প্ৰতিষ্ঠাপক‌‌। তেওঁ অসম গণ পৰিষদৰ প্ৰতিষ্ঠা কালৰ নেতৃত্বত আছিল। তথা কলংপাৰ বিদ্যাপীঠৰ অন্যতম প্ৰতিষ্ঠাপক আছিল।তেওঁৰ মৃত্যুত নগাঁৱত শোকৰ ছা পৰিছে।

তেওঁৰ মৃত্যুত  বিধায়ক ৰূপক শৰ্মা প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা ,সাংসদ প্ৰদ্যুৎ বৰদলৈ ,প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন ,প্ৰাক্তন বিধায়ক ডা: দুৰ্লভ চমুৱা , শ্ৰীমন্ত শংকৰ মিশ্যন ,নগাঁও উকীল সন্থা , নগাঁও পৌৰসভা ,নগাঁও ভোগালী বিহু উৎসৱ সমিতি আদি বিভিন্ন অনুষ্ঠান আদিয়ে শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত তেওঁ পত্নী ,পুত্ৰ ,জীয়ৰী সহ বহু আত্মীয় স্বজন এৰি থৈ  গৈছিল।

নগাঁও চহৰ নগাঁও