পঞ্চায়ত নিৰ্বাচনঃ নগাঁৱত ৯.৩০ বজালৈকে ৪.৩৪ শতাংশ ভোটদান...

নগাঁও জিলাৰ অন্তৰ্গত সাতটা বিধানসভা সমষ্টিত পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হৈছে । নগাঁও জিলাৰ ৭ টা বিধানসভা সমষ্টিৰ ২৭ টা জিলা পৰিষদৰ

author-image
Asomiya Pratidin
New Update
panhhh

ডিজিটেল সংবাদ , নগাঁও: নগাঁও জিলাৰ অন্তৰ্গত সাতটা বিধানসভা সমষ্টিত পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হৈছে । নগাঁও জিলাৰ ৭ টা বিধানসভা সমষ্টিৰ ২৭ টা জিলা পৰিষদৰ ৬ টা জিলা পৰিষদৰ সদস্য ইতিমধ্যে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে ।

Advertisment

জিলাখনত এইবাৰ পুৰুষ ভোটাৰ ৬৯৮৮৭৪ গৰাকী, মহিলা ভোটাৰ ৬৯৪০০ গৰাকী আৰু অন্যান্য ৮৭ গৰাকীয়ে পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰিব । পঞ্চায়ত নিৰ্বাচনটো সুচাৰুভাৱে পৰিচালনা কৰিবলৈ নগাঁওত ২৯ গৰাকী, কলিয়াবৰ সম জিলাত ৭ গৰাকী, ৰহা সম জিলাত ৭ গৰাকী জ'নেল বিষয়া আৰু ঠিক তেনেদৰে নগাঁওত ১২০ গৰাকী, ৰহা সম জিলাত  ২৩ গৰাকী আৰু কলিয়াবৰ সম জিলাত ২২  গৰাকী চেক্টৰ বিষয়া নিয়োগ কৰা হৈছে ।

জিলাখনত মুঠ ৭৫৬৮ গৰাকী পুৰুষ প্ৰিজাইডিং, পুলিং বিষয়া আৰু মুঠ ১৭৬০ গৰাকী মহিলা প্ৰিজাইডিং, পুলিং বিষয়া নিয়োগ কৰা হৈছে । জিলাখনৰ মুঠ ১৮২১ ভোটকেন্দ্ৰৰ ১৭৬৪ টা ভোটকেন্দ্ৰতহে ভোটগ্ৰহণ প্ৰক্ৰিয়া পুৱা ৰে পৰা শান্তি পূৰ্ণ ভাৱে অনুষ্ঠিত হৈছে । বাতৰি যুগুত কৰা পৰ্যন্ত কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ বাতৰি লাভ কৰা নাই।

ইতিমধ্যে ৫৭ টা ভোটকেন্দ্ৰৰ প্ৰাৰ্থী বিনাপ্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে ।  পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪-৩০ বজালৈ ভোটগ্ৰহন হবলগা সমষ্টি কেইটাত ভোটগ্ৰহনৰ সময়ছোৱাত শান্তি-শৃংখলা অটুট ৰখাৰ বাবে  নগাঁও আৰক্ষী প্ৰশাসনে বিশেষ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে । ইতিমধ্যে ভোটগ্ৰহণ কেন্দ্ৰ সমূহত যথেষ্ট সংখ্যক ভোটাৰ সমবেত হৈ নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে।জিলা নিৰ্বাচন কোষৰ তথ্য মতে ৯.৩০ বজালৈকে ৪.৩৪ শতাংশ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছে ।

পঞ্চায়ত নিৰ্বাচন