বীৰাপ্পান মণ্ডলৰ নেতৃত্বত নগাঁৱত কোন কোন চোৰাং কাঠ বেপাৰী! প্ৰকৃতি ধ্বংসৰ ফলত নগাঁৱত হ্ৰাস বৰষুণৰ পৰিমাণ…

বীৰাপ্পান মণ্ডলৰ নেতৃত্বত নগাঁৱত কোন কোন চোৰাং কাঠ বেপাৰী! প্ৰকৃতি ধ্বংসৰ ফলত নগাঁৱত হ্ৰাস বৰষুণৰ পৰিমাণ…

ডিজিটেল সংবাদ , নগাঁও : মধ্য অসমৰ নগাঁৱত অব্যাহত আছে ম্যানমাৰ , নাগালেণ্ড , মিজোৰাম , মেঘালয় , কাৰ্বিআংলং জিলাৰ পৰা চোৰাংকৈ কাঠ আনি চলোৱা ৰমৰমীয়া চোৰাং ব্যৱসায় ৷ বীৰাপ্পান খ্যাত জনৈক মণ্ডল উপাধিৰ এজন বন বিষয়াৰ পৃষ্ঠ পোষকতাত নগাঁও জিলাত চলি আছে কেবাশ কোটি টকাৰ কাঠৰ চোৰাং ব্যৱসায় ৷

কাঠৰ চোৰাং ব্যৱসায়ৰ বজাৰ খনত বীৰাপ্পান খ্যাত জনৈক মণ্ডলৰ নেতৃত্বত চলি থকা চোৰাং কাঠৰ বজাৰ খনত কেবাজনো চোৰাং ব্যৱসায়ীৰ নাম পোহৰলৈ আহিছে ৷ অসমীয়া প্ৰতিদিন ডিজিটেলৰ অনুসন্ধানত পোহৰলৈ অহা তথ্য মতে এই চোৰাং কাঠৰ বজাৰ খনত মাৰোৱাৰী সম্প্ৰদায়ৰ বিনোদ , সঞ্জয় আৰু নাহাতা নামৰ তিনিজন চোৰাং ব্যৱসায়ী জৰিত হৈ আছে ৷ একেদৰে বঙালী সম্প্ৰদায়ৰ প্ৰনব , সুবল , সুদ্দীপ , অমৃত নামৰ চোৰাং ব্যৱসায়ী কেইজন জৰিত হৈ আছে ৷

অসমীয়া সম্প্ৰদায়ৰ অভিজিৎ, বুবু নামৰ আৰু মুছলমান সম্প্ৰদায়ৰ মুজিবুৰ , হাইদৰ নামৰ ব্যৱসায় কেইজন জৰিত হৈ আছে ৷ ম্যানমাৰ , নাগালেণ্ড , মিজোৰাম , মেঘালয়ৰ , কাৰ্বিআংলংৰ পৰা চোৰাংকৈ কাঠ আনি বীৰাপ্পান খ্যাত মণ্ডলৰ সহযোগত নগাঁও চহৰত থকা নিদিষ্ট কেইটামান কাঠ ফলা মিলত কাঠৰ চোৰাং প্লেট সমূহ ফালি বজাৰলৈ বিক্ৰিৰ বাবে ওলিয়াই দিয়ে এই চক্ৰটোয়ে ৷

জানিব পৰা মতে শিলৰ ব্যৱসায়ত ধন বিনিয়োগ কৰা এজন মন্ত্ৰীৰ আৰ্শীবাদৰ বাবে জনৈক মণ্ডল নামৰ বিষয়া জনে দীৰ্ঘ দিনে নগাঁৱত চোৰাং ব্যৱসায়ী সকলৰ চৰ্দাৰৰ ভূমিকা গ্ৰহণ কৰি আহিছে ৷ চোৰাং কাঠ ব্যৱসায়ী সকলে এই বিষয়া জনক ওপৰোৱা নাম হিচাপে বীৰাপ্পান হিচাপে আখ্যায়িত কৰে ৷ জিলাখনৰ শীৰ্ষ বন বিষয়াকো কেৰেপ নকৰা বন বিষয়া বীৰাপ্পান মণ্ডলে প্ৰতি মাহে কোটি কোটি টকা চোৰাং কাঠ ব্যৱসায়ীৰ পৰা সংগ্ৰহ কৰি ইয়াৰ ধন ওপৰটো দিয়ে বুলি ফিটাহি মাৰে বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য এই যে বিগত বাৰিষা নগাঁও জিলাত অস্বাভাবিক ভাবে বৰষুনৰ পৰিমানে হ্ৰাস পাইছে ৷ বিগত বৰ্ষত ৭৪৪.০৭ এম এম বৰষূণ কমকৈ হৈছে ৷ যাৰ প্ৰভাব নগাঁৱৰ জনজীৱনত পৰিছে ৷ বহু কৃষি ভূমিত কৃষকে বৰষূণৰ পৰিমান কম হোৱাৰ বাবে ধান উৎপাদন কৰিব নোৱাৰিলে ৷ বৰষূণৰ পৰিমান কম হোৱাৰ মূলতে হৈছে প্ৰকৃতি ধ্বংস ৷ ইয়াৰ মাজতে নগাঁৱত চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় চলি থকা বিষয়টো চিন্তনীয় বিষয় ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in