দুৰ্ঘটনামুক্ত বিহু নিশ্চিত কৰাৰ লক্ষ্যৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ নেতৃত্বত নগাঁৱত প্ৰশাসনৰ বিশেষ অভিযান...

ভোগালী বিহুৰ আনন্দ-উল্লাসৰ মাজত সমগ্ৰ ৰাজ্যৰ লগতে জিলাখনৰ চুকে-কোণে উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে। কিন্তু এই উৎসৱৰ আনন্দৰ মাজতেই একাংশ লোকে নিজৰ লগতে

author-image
Asomiya Pratidin
New Update
eqqeqeeq

ডিজিটেল সংবাদ, নগাঁওঃ ভোগালী বিহুৰ আনন্দ-উল্লাসৰ মাজত সমগ্ৰ ৰাজ্যৰ লগতে জিলাখনৰ চুকে-কোণে উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে। কিন্তু এই উৎসৱৰ আনন্দৰ মাজতেই একাংশ লোকে নিজৰ লগতে পৰিয়ালৰ নিৰাপত্তাৰ কথা পাহৰি মদ্যপান কৰি বাহন চলোৱাৰ ফলত ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হোৱা দেখা যায়।

 জিলাবাসীক সুৰক্ষিত ৰখা আৰু এটি দুৰ্ঘটনামুক্ত বিহু নিশ্চিত কৰাৰ লক্ষ্যৰে জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন আৰু যান-বাহন আৰক্ষীয়ে যুটীয়াভাৱে জিলাখনৰ বিভিন্ন প্ৰান্তত বিশেষ তালাচী অভিযান অব্যাহত ৰাখিছে। এই প্ৰচেষ্টাৰ অংশ হিচাপে উৰুকাৰ নিশা চহৰখনৰ উৰিয়াগাঁৱত চলি থকা এক 'নাকা চেকিং' স্থলীত জিলা আয়ুক্ত, দেৱাশীষ শৰ্মা,  উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। 

তেওঁ নিজে উপস্থিত থাকি সুৰাসক্ত চালকৰ বিৰুদ্ধে চলোৱা অভিযান পৰিদৰ্শন কৰাৰ লগতে আইন উলংঘাকাৰীসকলক সঁকীয়াই দিয়ে।  তেওঁ উল্লেখ কৰে যে,  উৎসৱৰ আনন্দই যাতে কোনো পৰিয়াললৈ শোকৰ ছাঁ নমাই নানে, তাৰ বাবে প্ৰতিগৰাকী নাগৰিকে দায়িত্বশীল হোৱা উচিত। সুৰাপান কৰি বাহন চলাই নিজৰ আৰু আনৰ জীৱন বিপদাপন্ন নকৰিবলৈ অনুৰোধ জনোৱাৰ লগতে সকলোকে যান-বাহন চলাচলৰ আইন মানি চলি প্ৰশাসনক সহযোগ কৰিবলৈ আয়ুক্ত গৰাকীয়ে আহ্বান জনায়।

মাঘ বিহু