/asomiyapratidin/media/media_files/2025/11/05/ujjjdd-2025-11-05-20-08-17.jpg)
ডিজিটেল সংবাদ ,নগাঁওঃ জনতাৰ শিল্পী সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভূপেন হাজৰিকা দেৱৰ বৰ্ষযোৰা জন্ম জয়ন্তী উদযাপনৰ লগত সংগতি ৰাখি অসম চৰকাৰৰ নিৰ্দেশনা মৰ্মে, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু নগাঁও জিলা প্ৰশাসনৰ সহযোগিতাত জিলাখনৰ ঐতিহ্যমণ্ডিত নেহৰুবালি খেলপথাৰত সুধাকণ্ঠ গৰাকীৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ভাগ আড়ম্বৰপূৰ্ণ ভাৱে অনুষ্ঠিত কৰা হয় ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/05/a23d027a-2e16-4a7b-9773-d042e9a25b83-2025-11-05-19-57-12.jpg)
আজিৰ পুৱাবেলাতে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱক শ্ৰদ্ধাৰে স্মৰণ কৰি জিলা তথ্য আৰু জনসংযোগ বিভাগৰ দ্বাৰা চহৰখনৰ বিভিন্ন স্থানত সংস্থাপিত স্থিৰ অনুভাষ যন্ত্ৰৰ যোগেৰে তেখেতৰ কালজয়ী, যুগমীয়া চিৰসেউজ গীত সমূহ প্ৰচাৰ কৰা হয় ।
ইয়াৰ পিছতেই নেহৰুবালিত অনুষ্ঠিত কেন্দ্ৰীয় অনুষ্ঠানৰ প্ৰথমেই সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলীৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মন্ত্ৰী কেশৱ মহন্ত প্ৰমুখ্য কৰি সভাত উপস্থিত বিশিষ্ট অতিথি সকলে । মন্ত্ৰী মহন্তই অনুষ্ঠানস্থলীত DELPHICS International আৰ্ট গোষ্টীৰ চিত্ৰ শিল্পীসকলে অংকন কৰা অনুষ্ঠানটিও উন্মোচন কৰে ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/05/8400f6dc-9cf5-4a3d-a3d4-fdfeac86fbce-2025-11-05-19-57-23.jpg)
অসমৰ জাতীয় সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত জিলাখনৰ দুগৰাকী বিশিষ্ট শিল্পী ৰতীমোহন নাথ আৰু ৰঞ্জন বেজবৰুৱাক সুধাকণ্ঠৰ স্মাৰক মুদ্ৰাৰে সম্বৰ্ধনা জনোৱা হয় । নগাঁও জিলাক প্ৰতিনিধিত্ব কৰি গুৱাহাটীত ড° ভূপেন হাজৰিকা দেৱৰ জন্ম শতবৰ্ষ অনুষ্ঠানত গীত পৰিবেশন কৰা শিল্পী সকলক আজিৰ এই অনুষ্ঠানতেই সম্বৰ্ধনা জনোৱা হয় আৰু উক্ত শিল্পী সকলে অনুষ্ঠানত সুধাকণ্ঠ গৰাকীৰ গীত (মেডলী) পৰিবেশন কৰে । অনুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ।
আয়ুক্ত ভাষণত অসমীয়া গীতক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাত সুধাকণ্ঠ গৰাকীৰ অৱদানক শ্ৰদ্ধাৰে স্মৰণ কৰে । নৱ প্ৰজন্মক সুধাকণ্ঠ গৰাকীৰ অমৰ সৃষ্টিৰাজীৰ সংৰক্ষণ আৰু প্ৰচাৰত আগভাগ লবলৈ আয়ুক্ত গৰাকীয়ে আহ্বান জনায় । সভাত ভাষণ প্ৰদান কৰি নগাঁও-বটদ্ৰবা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা কয় যে, সুধাকণ্ঠ গৰাকীয়ে আজিৰ পৰা ৫০ বছৰ আগতে ৰচনা কৰা গীত সমূহৰ কথা বিলাক আজি সত্য প্ৰমাণিত হৈছে ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/05/5ccb24e8-488f-4b63-a685-94840adf589d-2025-11-05-19-57-33.jpg)
বিধায়কজনে সুধাকণ্ঠ গৰাকীৰ অমৰ সৃষ্টি "মানুহে মানুহৰ বাবে" শীৰ্ষক গীতটি অসমৰ মুখ্যমন্ত্ৰীয়ে মানৱতাৰ গীত হিচাপে স্বীকৃতি দিবৰ বাবে ৰাষ্ট্ৰ সংঘত কৰা আবেদনৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে । সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকি মন্ত্ৰী কেশৱ মহন্তই তেওঁৰ ভাষণত কয় যে, জাতিৰ অস্তিত্বৰ সংকটক্ষণত অসমী আইৰ কোলাত মহান বীৰ সন্তানৰ আবিৰ্ভাৱ হয় ।
বিংশ শতাব্দীত অসমীয়া ভাষা সংস্কৃতিৰ উত্তৰণত অৰিহণা যোগোৱা মহান মনিষী সকলৰ ভিতৰত সুধাকণ্ঠ গৰাকী অন্যতম । মন্ত্ৰী জনে লগতে উল্লেখ কৰে যে, সুধাকণ্ঠ গৰাকীৰ গীতৰ মাধ্যমেৰে আমাৰ জাতিটোক জাতীয় চেতনাৰে সমৃদ্ধ কৰি গৈছে । ইয়াৰ পিছতেই আজিৰ অনুষ্ঠানৰ মূল কাৰ্যসূচী অনুষ্ঠিত হয় । জিলাখনৰ বিভিন্ন বিদ্যালয়- মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু জিলাবাসী প্ৰায় পাঁচ সহস্ৰাধিকৰো অধিক লোকে মানৱ শৃংখল জৰিয়তে একেস্বৰে পৰিৱেশন কৰা জনতাৰ শিল্পী, ভাৰতৰত্ন ড° ভূপেন হাজৰিকা দেৱৰ কালজয়ী "মানুহে মানুহৰ বাবে" শীৰ্ষক গীতটিয়ে সমগ্র নেহৰুবালিৰ বাকৰিত মানৱতাৰ সুৰৰ ঝংকাৰৰে মুখৰিত কৰি তোলে ।
এই কাৰ্যসূচীত মন্ত্ৰী মহন্তৰ লগতে উপস্থিত বিধায়ক সকল, জিলা আয়ুক্তকে মুখ্য কৰি জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলেও অংশগ্ৰহণ কৰে । আজিৰ এই সভাত চামগুৰি বিধানসভা সমষ্টিৰ বিধায়ক দিপ্লু ৰঞ্জন শৰ্মা, ৰহা বিধানসভা সমষ্টিৰ বিধায়ক শশী কান্ত দাস, জিলা পৰিষদৰ সভানেত্ৰী গীতাঞ্জলি হাজৰিকা, পৌৰ সভাৰ সভানেত্ৰী অম্বিকা মজুমদাৰ, জিলা উন্নয়ন আয়ুক্ত দেৱযানী চৌধুৰী, পৌৰ সভাৰ উপ সভাপতি সীমান্ত বৰা, নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি শৰ্মা, সমাজকৰ্মী অভিজিত নাথ, ৰঞ্জিত বৰদলৈকে প্ৰমুখ্য কৰি জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল, ছাত্ৰ-ছাত্ৰী সকল ,স্বেচ্ছাসেৱী সংগঠনৰ সদস্যসকল আৰু বহুসংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/05/1fd11361-982b-49e7-9068-430f752b35ad-2025-11-05-19-57-47.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us