কেঁচা সোণৰ গহণা আৰু প্ৰাকৃতিক ৰঙেৰে প্ৰস্তুত কৰা এৰি বস্ত্ৰৰ উদ্যামিতা মেলা…

কেঁচা সোণৰ গহণা আৰু প্ৰাকৃতিক ৰঙেৰে প্ৰস্তুত কৰা এৰি বস্ত্ৰৰ উদ্যামিতা মেলা…

author-image
asomiyapratidin
New Update
কেঁচা সোণৰ গহণা আৰু প্ৰাকৃতিক ৰঙেৰে প্ৰস্তুত কৰা এৰি বস্ত্ৰৰ উদ্যামিতা মেলা…

ডিজিটেল সংবাদ , নগাওঁ : নগাওঁ কলেজৰ প্ৰতিষ্ঠানীয় উদ্ভাৱনা পৰিষদ আৰু তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ বৌদ্ধিক সম্পত্তিৰ অধিকাৰ কোষৰ যৌথ উদ্যোগত আৰু নগাওঁ কলেজ আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষ আৰু অসম বিজ্ঞান সমিতিৰ নগাওঁ কলং পাৰ শাখাৰ সহযোগত 'আজাদী কা অমৃত মহোৎসৱ' কাৰ্যসূচীৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে " যুৱ উদ্ভাৱকৰ বাবে উদ্যামিতা উন্নয়ণ " শীৰ্ষক উদ্যামিতা মেলা সোমবাৰে অনুষ্ঠিত হয় ৷ দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত বিজ্ঞান দিৱসৰ আৰম্ভণি অনুষ্ঠানত অধ্যক্ষ ড° শৰৎ বৰকটকীয়ে আদৰণী ভাষণ প্ৰদান কৰে।

Advertisment

ড° বৰকটকীয়ে আদৰণী ভাষণত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ বৌদ্ধিক সম্পত্তিৰ অধিকাৰ কোষৰ পদক্ষেপক ভূয়সী প্ৰশংসা কৰি উল্লেখ কৰে যে এই পদক্ষেপে কলেজৰ উদ্যামী উদ্ভাৱক ছাত্ৰক উৎসাহিত কৰাৰ লগতে থলুৱা সম্পদ সমূহৰ যোগেদি উদ্যামিতা গঢ় দিয়াত সহায়ক হ'ব।ড° ভুবন চন্দ্ৰ চুতীয়াই আঁত ধৰা এই আদৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ বৌদ্ধিক সম্পত্তিৰ অধিকাৰ কোষৰ মুৰব্বী অধ্যাপক প্ৰীতম দেৱ ৷

এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা উদ্যামিতা মেলা উদ্বোধন কৰে এন.কে. টি.ভি. ৰ নগাওঁ ৰ জ্যেষ্ঠ সাংবাদিক আৰু অসম সাহিত্য সভাৰ পৰাগ দাস সাংবাদিকতা বঁটা প্ৰাপক তপন কুমাৰ বৰাই।এই কাৰ্যসূচীত বৌদ্ধিক সম্পত্তিৰ অধিকাৰ শীৰ্ষক তিনিটা সত্ৰৰ আলোচনা চক্ৰত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ বৌদ্ধিক সম্পত্তিৰ অধিকাৰ কোষৰ মুৰব্বী অধ্যাপক প্ৰীতম দেৱ, গৱেষক সহায়িকা ড° জুৰি বৰবৰা শইকীয়া , অসম চৰকাৰৰ অসম বিজ্ঞান, প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ দেৱাশীস দত্ত , যুৱ উদ্ভাৱক কস্তুৰী শৰ্মাই উপস্থিত অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰী সকলৰ লগত মত বিনিময় কৰে।

এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা উদ্যামিতা মেলাত অংশগ্ৰহণ কৰা থলুৱা মায়ং মনহাৰ প্ৰাকৃতিক ৰঙেৰে প্ৰস্তুত কৰা এৰিবস্ত্ৰ ,ৰণথলীৰ কেঁচা সোণৰ গহণা আৰু জাজৰিৰ থলুৱা শিপীনীয়ে প্ৰস্তুত কৰা বস্ত্ৰ আৰু নগাওঁ কলেজৰ উদ্ভাৱক ছাত্ৰই প্ৰস্তুত কৰা পৰিবেশ বন্ধুত্ব সামগ্ৰী প্ৰদৰ্শন আৰু বিক্ৰী কৰা হয়।