নগাওঁ লোকসভাৰ ৪টা বিধানসভা সমষ্টিত বিজেপি-৪টাত কংগ্ৰেছ জয়ীঃ ক'ত বাজি মাৰিছিল কোনে...

নগাওঁ লোকসভাৰ ৪টা বিধানসভা সমষ্টিত বিজেপি-৪টাত কংগ্ৰেছ জয়ীঃ ক'ত বাজি মাৰিছিল কোনে...

ডিজিটেল ডেস্কঃ  সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত নগাঁও লোকসভা সমষ্টিত কংগ্ৰেছ জয়ী হলেও বিজেপিয়ে প্ৰতিটো সমষ্টিতে তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। লোকসভা সমষ্টিটোৰ অন্তৰ্গত ৮টা বিধানসভা সমষ্টিত ৪টা সমষ্টিতে বিজেপিয়ে কংগ্ৰেছতকৈ অধিক ভোট লাভ কৰিছিল। শেহতীয়াকৈ নিৰ্বাচনী আয়োগে প্ৰকাশ কৰা তালিকাত পোহৰলৈ আহিছে এই তথ্য।

নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি, নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত নগাও সদৰ,ৰহা, মৰিগাওঁ আৰু জাগীৰোডত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীতকৈ ১লাখ ৯৫হাজাৰো অধিক ভোটত অগ্ৰগতি লাভ কৰিছিল বিজেপিয়ে।

এই চাৰিটা সমষ্টিৰ ভিতৰত বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে সৰ্বাধিক ভোটত অগ্ৰগতি লাভ কৰিছিল মন্ত্ৰী পীয়ুষ হাজৰিকাৰ সমষ্টি জাগীৰোডত। এই বিধানসভা সমষ্টিটোত ৭৬,৮০০ভোটত অগ্ৰগতি লাভ কৰিছিল বিজেপিয়ে। জাগীৰোডত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে ৫৭,৮৬৫টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে ১,৩৪,৬৬৫টা ভোট লাভ কৰিছিল। উল্লেখ্য কৰা প্ৰয়োজন যে, এই ভোটৰ সংখ্যা মন্ত্ৰী পীয়ুষ হাজৰিকাই ২০২১ৰ বিধানসভা নিৰ্বাচনত লাভ কৰা ভোটতকৈ অধিক। ২০২১ত পীয়ুষ হাজৰিকাই জাগীৰোডত লাভ কৰিছিল ১লাখ ৬হাজাৰ ৬৪৩টা ভোট।

ইফালে নগাওঁ সদৰ সমষ্টিটো ৩৩হাজাৰৰো অধিক ভোটত অগ্ৰগতি লাভ কৰিছিল বিজেপিয়ে। বিধায়ক ৰূপক শৰ্মাই প্ৰতিনিধিত্ব কৰা এই সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে ৯০হাজাৰ ৬৪৫টা ভোট লাভ কৰিছিল। ইফালে কংগ্ৰেছ লাভ কৰিছিল ৫৭হাজাৰ ভোট। কংগ্ৰেছৰ নিলম্বিত বিধায়ক শশীকান্ত দাসৰ ৰহা সমষ্টিটো ২৬, ৭০৯টা ভোটত অগ্ৰগতি লাভ কৰিছিল বিজেপিয়ে। এই সমষ্টিটোত কংগ্ৰেছে ৪৯হাজাৰ আৰু বিজেপিয়ে ৭৬হাজাৰ ভোট লাভ কৰিছিল।

ৰমাকান্ত দেউৰীৰ সমষ্টি মৰিগাঁওতো বিজেপিয়ে প্ৰায় ৫৮হাজাৰৰো অধিক ভোটত অগ্ৰগতি লাভ কৰিছিল। মৰিগাঁৱত বিজেপিয়ে লাভ কৰিছিল ১লাখ ৬হাজাৰ ৯৭০টা ভোট, ইয়াৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিছিল মাত্ৰ ৪৮হাজাৰ ভোট।

ইফালে লক্ষ্যণীয় ভাৱে, অধিক সংখ্যক সংখ্যালঘু লোকৰ বসতিস্থল আন চাৰিটা সমষ্টিত কংগ্ৰেছে অত্যাধিক ভোটত অগ্ৰগতি লাভ কৰিছিল। ধিং, চামগুৰি, ৰূপহীহাট আৰু লাহৰীঘাটত কংগ্ৰেছে বিজেপিতকৈ অধিক ভোট লাভ কৰিছিল। আনহে নালাগে এইবাৰ লোকসভা নিৰ্বাচনত এ আই ইউ ডি এফৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়োৱা আমিনুল ইছলাম বিধায়ক হৈ থকা ধিং বিধানসভা সমষ্টিটোতো কংগ্ৰেছে বহু ভোটত অগ্ৰগতি লাভ কৰিছিল।

ধিঙত বিধায়ক হৈ থকা খোদ আমিনুল ইছলামে ৩২হাজাৰ ভোট পোৱাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিছিল ১লাখ ২৬হাজাৰ ভোট। এই সমষ্টিটোত বিজেপিয়ে লাভ কৰিছিল মাত্ৰ ২৭হাজাৰ ভোট। চামগুৰিতো কংগ্ৰেছে ১লাখ ২৮হাজাৰ ভোট লাভ কৰাৰ বিপৰীতে বিজেপিয়ে ৪১হাজাৰ ভোট আৰু AIUDFএ মাত্ৰ ৮৩৫টা ভোট লাভ কৰিছিল।

সংখ্যলঘু অধ্যুষিত প্ৰতিটো সমষ্টিতে কংগ্ৰেছে ১লাখৰো অধিক ভোট লাভ কৰিছিল। ইয়াৰ বিপৰীতে বিজেপিয়ে সংখ্যলঘু ভোটাৰ তুলনামূলকভাৱে কম থকা ৪টা সমষ্টিত কংগ্ৰেছতকৈ অধিক ভোট লাভ কৰিছিল। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে,পোষ্টেল ভোটতো কংগ্ৰেছতকৈ বিজেপিয়ে অধিক ভোট লাভ কৰিছিল। কংগ্ৰেছে ৪০৩৯টা পোষ্টেল ভোটৰ বিপৰীতে বিজেপিয়ে লাভ কৰিছিল ৪৫৪৪টা পোষ্টেল ভোট।

নগাওঁ লোকসভাৰ ৪টা বিধানসভা সমষ্টিত বিজেপি-৪টাত কংগ্ৰেছ জয়ীঃ ক'ত বাজি মাৰিছিল কোনে...
মোডী মন্ত্ৰীসভাত অসমৰ পৰা কেৱল সৰ্বানন্দ সোণোৱাল!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in