নগাঁৱৰ ভোটাইগাঁৱৰ গেৰেকী পথাৰত ভাগৱত পাঠ আৰম্ভ...

নগাঁৱৰ ভোটাইগাঁও গেৰেকী পথাৰত আজিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে শ্ৰীশ্ৰীভাগৱত পাঠ। বৃহত্তৰ অঞ্চলটোৰ বিশেষকৈ নৱ প্ৰজন্মৰ মাজত আধ্যাত্মিক মনোভাব জাগ্ৰত কৰি তোলাৰ লক্ষ্য আৰু

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল সংবাদ, উৰিয়াগাঁওঃ  নগাঁৱৰ ভোটাইগাঁও গেৰেকী পথাৰত আজিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে শ্ৰীশ্ৰীভাগৱত পাঠ। বৃহত্তৰ অঞ্চলটোৰ বিশেষকৈ নৱ প্ৰজন্মৰ মাজত আধ্যাত্মিক মনোভাব জাগ্ৰত কৰি তোলাৰ লক্ষ্য আৰু উদ্দেশ্যৰে এক নিৰিবিলি পৰিৱেশৰ মাজত বিগত দুটা বছৰে অনুষ্ঠিত কৰি অহা হৈছে ভাগৱত পাঠ।

এইবেলিও ১৯ জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈকে তৃতীয়বাৰৰ বাবে এক নিৰিবিলি পৰিৱেশৰ মাজত আয়োজন কৰা ভাগৱত পাঠ কাৰ্যসূচীক লৈ অঞ্চলবাসীৰ মাজত উৎসাহ-উদ্দীপনা পৰিলক্ষিত হৈছে। আজি প্ৰথম দিনা পুৱা ধৰ্মধ্বজা উত্তোলনেৰে কাৰ্যসূচী মুকলি কৰে পুৰণিগুদামৰ লেটুগ্ৰাম সত্ৰৰ সত্ৰাধিকাৰ কৃষ্ণ গোস্বামীয়ে।

ইয়াৰ পিছতে জল আৰোহণ, ভোটাইগাঁও ৰাজহুৱা নামঘৰৰ পৰা অঞ্চলটোৰ মাজেৰে ভাগৱত ভ্ৰমণৰ অন্তত দুপৰীয়া শ্ৰীশ্ৰী গজলা সত্ৰৰ ডেকা সত্ৰীয়া তথা  নামাচাৰ্য উৎপল মহন্তৰ দ্বাৰা নাম প্ৰসংগ অনুষ্ঠিত হয়। বিয়লি ভাগৱত পাঠ শুভাৰম্ভ কৰে বটদ্ৰৱাৰ নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ টিকেন্দ্ৰজিৎ  গোস্বামীয়ে।

ইয়াৰ পিছৰে পৰা অবিৰত ভাবে চলিব লগা ভাগৱত পাঠ অহা বৃহস্পতিবাৰে পুৱা ১১ বজাত সামৰণি পৰিব। উল্লেখ্য যে পথাৰৰ মাজত অনুষ্ঠিত হোৱা এই ভাগৱত পাঠৰ সমগ্ৰ পৰিৱেশ সন্ধ্যাৰে পৰা অজস্ৰ বন্তি প্ৰজ্বলনেৰে আলোকিত হৈ পৰিছে। এক মনোমোহা পৰিৱেশত অনুষ্ঠিত হোৱা আটাইকেইদিনৰ কাৰ্যসূচীত ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি উদ্যোক্তাসকলৰ হৈ অশোক কুমাৰ বৰাই কামনা কৰিছে।

নগাঁও