/asomiyapratidin/media/media_files/2025/12/22/adadadad-2025-12-22-19-08-53.jpg)
ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও জিলাৰ খগেন মহন্ত প্ৰেক্ষাগৃহত অসম জাতীয় পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। বাংলাদেশত ধৰ্মীয় সংখ্যালঘু হিন্দু ধৰ্মৰ লোকসকলৰ ওপৰত হোৱা কাৰ্যক তীব্ৰ গৰিহণা, বিশ্ব গুৰু বুলি চিনাকি দিয়া প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আন্তঃজাতিক হেঁচা দিয়াত ব্যৰ্থ হৈছে বুলি ক্ষোভ উজাৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে।
লুৰীণজ্যোতি গগৈয়ে লগতে কয় যে, দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মুখত এবাৰো নোলাল জুবিন গাৰ্গৰ নাম, বিৰোধী চৰকাৰত আহিলেহে জুবিন গাৰ্গে প্ৰকৃত ন্যায় পাব। ২৬ ত বিৰোধী একত্ৰিত হলেহে বিজেপি শাসনৰ পৰা আতৰিব,বিজেপিত মেৰুদণ্ড বেকা কৰি থকাতকৈ জাতীয়বাদী নেতা ওলাই আহি বিৰোধীত দলত যোগদান কৰক।
তেওঁ লগতে কয়- ভয় ভাবুকি, প্ৰলোভন আৰু সাম্প্ৰদায়িক ৰাজনীতি কৰা বিজেপি লৈ ভয় নকৰে অখিল গগৈয়ে। বিজেপি ওফৰাৰ স্বাৰ্থত বিজেপি বিৰোধী সকলোৱে ত্যাগ কৰিবলৈ সাজু থাকিব লাগিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us