শিশুক শীতল পানীয় বিতৰণ কৰিবলৈ গৈ ৰঙাঘৰৰ আলহী হ’ল ৪ যুৱক…VIDEO

শিশুক শীতল পানীয় বিতৰণ কৰিবলৈ গৈ ৰঙাঘৰৰ আলহী হ’ল ৪ যুৱক…VIDEO

author-image
asomiyapratidin
New Update
শিশুক শীতল পানীয়  বিতৰণ কৰিবলৈ গৈ ৰঙাঘৰৰ আলহী হ’ল ৪ যুৱক…VIDEO

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁৱৰ ৰাঙলু টুবুকী উৰিয়াগ্ৰান্টত অঘটন ৷ আৰ্তজনৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰিবলৈ আহি ৰঙাঘৰৰ আলহী হ'ল নগাঁও পানীগাঁৱৰ চাৰিজন যুৱক ৷ যুৱক কেইজনে ৰাঙলু টুবুকী উৰিয়াগ্ৰাণ্টত বহু কেইগৰাকী শিশুৰ মাজত বিতৰণ কৰিছিল শীতল পানীয় 'লিচি' (Litchi) বিতৰণ কৰি থকাৰ মাজতে স্থানীয় গাঁওৰক্ষী বাহিনীয়ে সোধপোচ কৰাৰ পলায়ন কৰে যুৱকৰ দলটো ৷

Advertisment

পাছত গাঁওৰক্ষী বাহিনীয়ে খেদি আহি যুৱকৰ দলটো আবদ্ধ কৰি আৰক্ষীক গতাই দিয়ে ৷ যুৱকৰ দলটোৱে বিতৰণ কৰা লিচিত বটলৰ ভিতৰত বৃহৎ পৰিমানৰ পোক ৷ পোকে লেউ লেউ হৈ থকা লিচিৰ বটল খাই ইতিমধ্যে বমি কৰিছে এজন শিশুৱে ৷ ধৃত যুৱক কেইজন হ'ল বিনয় ৰক্ৰিত, পিংকু গাংগুলি, লিটন দাস আৰু বাপ্পা চৰকাৰ ৷