সীমান্তত অসমীয়াক অপহৰণৰ চেষ্টা নগা দুৰ্বৃত্তৰ

অসম নাগালেণ্ড সীমান্তত পুনৰ দেখিবলৈ পোৱা গৈছে নগাৰ উপদ্ৰৱ। গোলাঘাট জিলাৰ অসম নাগালেণ্ড সীমান্তৰ বি.চেক্টৰ চুঙাজানৰ ১ নং দুৰ্গাপূৰত বৃহস্পতিবাৰে দিনৰ ২ বজাত নগা দুৰ্বৃত্ত দলে চলালে অপহৰণ চেষ্টা।

author-image
Asomiya Pratidin
New Update
new ap web  5 (3)

ডিজিটেল সংবাদ, সৰুপথাৰঃ অসম নাগালেণ্ড সীমান্তত পুনৰ দেখিবলৈ পোৱা গৈছে নগাৰ উপদ্ৰৱ। গোলাঘাট জিলাৰ অসম নাগালেণ্ড সীমান্তৰ বি.চেক্টৰ চুঙাজানৰ ১ নং দুৰ্গাপূৰত বৃহস্পতিবাৰে দিনৰ ২ বজাত নগা দুৰ্বৃত্ত দলে চলালে অপহৰণ চেষ্টা।

জানিব পৰা মতে, ১ নং দুৰ্গাপূৰৰ পাঁচাঙ লামা নামৰ যুৱকজনৰ গেলামাল দোকানত দিনৰ ভাগৰ প্ৰায় ২ বজাত নীলা ৰঙৰ ৱেগেনা গাড়ী লৈ অহা নগা দুৰ্বৃত্তৰ দলটোৱে দোকানখনত প্ৰৱেশ কৰি গৰাকীক পিষ্টল দেখুৱাই অপহৰণ কৰি নিবলৈ চেষ্টা কৰিছিল। দুৰ্বৃত্তৰ দলটোৱে পিষ্টলৰ গাদীৰে গুৰুত্বভাবে আঘাত সানে পাঁচাঙ লামাক।

ইফালে, এই ঘটনাৰ পাছতে ঘটনাস্থলিত উপস্থিত হয় আৰক্ষী আৰু প্ৰশাসনৰ লোক। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে কদন্ত প্ৰক্ৰিয়া।

গোলাঘাট নগাৰ আগ্ৰাসন