মেৰাপানী সীমান্তত নগাৰ দপদপনিঃ আই এল পি অবিহনে অসমীয়াৰ প্ৰৱেশ নিষেধ...

কেৱল অসমীয়া মানুহেই নহয়, অসমীয়াৰ জীৱ-জন্তুও প্ৰৱেশত বাধা নগাৰ। এই নিয়ম ভংগ কৰিলে ৫০,০০০ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব অসমীয়াই। ১১ খনকৈ নগা গাঁৱৰ গাঁও প্ৰধানে প্ৰেৰণ কৰিলে জাননী...

author-image
Asomiya Pratidin
New Update
web ap naga

ডিজিটেল সংবাদ,গোলাঘাটঃ  গোলাঘাট জিলাৰ অন্তৰ্গত মেৰাপানী সীমান্তত পুনৰ অসমীয়া লোকলৈ জাননী প্ৰেৰণ কৰিছে ১১ খনকৈ নগা গাঁৱৰ গাঁও প্ৰধানে। জাননীত উল্লেখ কৰা অনুসৰি, এতিয়াৰে পৰা চুবুৰীয়া অসমীয়া লোকে নগালেণ্ডত প্ৰৱেশ কৰিবলৈ হ'লে মানি চলিব লাগিব নটাকৈ নিয়ম।

Advertisment

এই নিয়মসমূহ উলংঘা কৰি কোনো লোকে নগালেণ্ডত প্ৰৱেশ কৰিলে ভৰিব লাগিব নগদ ৫০,০০০ টকা জৰিমনাৰ লগতে বিধিগত শাস্তি। কেৱল মানুহেই নহয় অসমীয়া লোকৰ পোহনীয়া গৰু, ছাগলী কোনো কাৰণত নগালেণ্ডত প্ৰৱেশ কৰিলেও গৰাকীয়ে ভৰিব লাগিব বৃহৎ জৰিমনা। 

WhatsApp Image 2025-08-27 at 12.41.58 PM

জাননী অনুসৰি আন্তঃৰাজ্যিক পাৰপত্ৰ অৰ্থাৎ আই এল পি অথবা ভিলেইজ কাউঞ্চিলৰ অনুমতি অবিহনে কোনো অসমীয়া লোকে নাগালেণ্ডত প্ৰৱেশ কৰিব নোৱাৰিব। সম্প্ৰতি এই ঘটনাৰ পাছতেই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে মেৰাপানী সীমান্তত।

জাননীখনত এই নিয়ম অহা ১ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ'ব বুলি উল্লেখ কৰিলেও আজিৰে পৰাই অসমীয়া লোকক প্ৰৱেশত বাধা দিছে নগাই। এতিয়াৰে পৰা অসমৰ চুবুৰীয়া নগা গাঁৱত কোনো অসমীয়া লোকে খৰি কটা, মাছ ধৰা, চিকাৰ কৰা, অনাধিকাৰ প্ৰৱেশ কৰাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰিছে।

ইফালে এই জাননী লাভ কৰাৰ পাছতেই তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। অৱশ্যে এই সন্দৰ্ভত গোলাঘাট জিলা প্ৰশাসনৰ তৰফৰ পৰি কোনো তথ্য সদৰি কৰা নাই। 

অসম নাগালেণ্ড সংঘাত নাগালেণ্ড মেৰাপানী