নগাঁৱত যোগোৎসৱ ২০২৫ ৰ সফল সামৰণি

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগতে সংগতি ৰাখি বিশ্ববিদ্যালয়খনৰ যোগ বিজ্ঞান আৰু প্ৰাকৃতিক চিকিৎসা বিভাগে আজি বটদ্ৰৱা থানত হৰিত যোগ শীৰ্ষক এক কাৰ্যসূচী ৰূপায়ন কৰে ৷

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, নগাঁও: আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ সৈতে সংগতি ৰাখি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ যোগ বিজ্ঞান আৰু প্ৰাকৃতিক চিকিৎসা বিভাগৰ উদ্যোগত তথা মোৰাৰজী দেশাই নেচনেল ইন্সটিটিউট অফ যোগ আৰু ভাৰত চৰকাৰৰ আয়ুস মন্ত্ৰনালয় সহযোগিতাত আয়োজিত যোগোৎসৱ ২০২৫ ৰ আজি সফল সামৰণি পৰে ৷

Advertisment

WhatsApp Image 2025-06-18 at 4.26.24 PM

মঙলবাৰে পুৱা ৭:৩০ বজাত নগাঁও আৰক্ষী চাউনিৰ প্ৰেক্ষাগৃহত যোগ চৰ্চাৰে শুভাৰম্ভ হোৱা এই কাৰ্যসূচীত নগাঁও চহৰৰ নৱ নিযুক্ত জিলা আয়ুক্ত দেৱাশিস শৰ্মা, পঞ্জীয়ক ড° শৰৎ হাজৰিকা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক তথা বিশ্ববিদ্যালয়ৰ সমন্বয়ক কুশল ঠাকুৰীয়া, বিভাগটোৰ প্ৰতিষ্ঠাপক মুৰব্বী অধ্যাপক বলী নাৰায়ন ফুকন, উপ পঞ্জীয়ক (শৈক্ষিক) ড° বিচিত্ৰ বিকাশৰ লগতে বিশ্ববিদ্যালয়খনৰ বিষয়া-কৰ্মচাৰী, অধ্যাপক অধ্যাপিকা আৰু ছাত্ৰছাত্ৰীসকল উপস্থিত থাকে ৷

 বিভাগটোৰ সহকাৰী অধ্যাপিকা বৰষা মাস্কেই পৰিচালনা কৰা এই যোগ চৰ্চা অনুষ্ঠানত নগাঁও চহৰৰ ২০০ তকৈও অধিক শিক্ষাৰ্থী উপস্থিত থাকে ৷ ভাষণ প্ৰসংগত জিলা আয়ুক্ত শৰ্মাই বিশ্ববিদ্যালয়খনৰ এই কাৰ্যসূচীক প্ৰশংসা কৰি কয় - এটা সুস্থ মনে এটা সুস্থ দেহৰ গঠন কৰে। আজিৰ দিনত আন্তঃৰাষ্ট্ৰীয়ভাৱে নিজকে সুস্থ কৰি ৰখাৰ বাবে আলোচনা-ব্যৱহাৰিক দিশক গুৰুত্ব প্ৰদান কৰা হৈছে ৷

WhatsApp Image 2025-06-18 at 4.26.24 PM (1)

উল্লেখ্য, বিয়লিলৈ বিশ্ববিদ্যালয়খনৰ প্ৰেক্ষাগৃহত এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত হোৱাৰ লগতে Relevance of yoga Education in the present scenario শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰাৰ লগতে বিশিষ্ট শিক্ষাবিদ, গীতাচাৰ্য পুৰন্দৰ বৰুৱালৈ ২০২৫ বৰ্ষৰ যোগ ৰত্ন বঁটা প্ৰদান কৰে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক অশোক কুমাৰ বৰাৰ লগতে উপস্থিত বিদ্বান সকলে ।

হৰিত (সেউজ) যোগ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগতে সংগতি ৰাখি বিশ্ববিদ্যালয়খনৰ যোগ বিজ্ঞান আৰু প্ৰাকৃতিক চিকিৎসা বিভাগে আজি বটদ্ৰৱা থানত হৰিত যোগ শীৰ্ষক এক কাৰ্যসূচী ৰূপায়ন কৰে ৷ অনুষ্ঠানত পঞ্জীয়ক ড° শৰৎ হাজৰিকাই আদৰণি ভাষণ আগবঢ়োৱাৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক তথা বিশ্ববিদ্যালয়ৰ সমন্বয়ক কুশল ঠাকুৰীয়াই আশীষ বচন আগবঢ়ায় ।

WhatsApp Image 2025-06-18 at 4.26.24 PM (2)

 অনুষ্ঠানত অংশ লৈ উপাচাৰ্য অধ্যাপক অশোক কুমাৰ বৰাই সুস্থ-সৱল শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবে পৰিৱেশৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে ৷ ড° মাধন বৰাই পৰিচালনা কৰা অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়াই বিভাগটোৰ মুৰব্বী ড° উজ্বল অৰুণ মাস্কেই। এই অনুষ্ঠানত যোগ প্ৰট’কল অনুশীলন কৰোৱাই যোগ বিজ্ঞান বিভাগৰ শিক্ষক সহযোগী ৰবি প্ৰসাদ শৰ্মা ৷

নগাঁও যোগ দিৱস