/asomiyapratidin/media/media_files/2025/12/13/1-2025-12-13-17-02-22.jpg)
ডিজিটেল ডেস্কঃ নগাঁৱৰ উজৰাগাওঁ উন্নয়ন সমিতি আৰু শ্ৰী শ্ৰী শংকৰদেৱ পুথিভঁৰালৰ উদ্যোগত প্ৰয়াত তুলাৰাম বৰাৰ সোঁৱৰণত শুকুৰবাৰে নিশা মঞ্চস্থ হয় বালিবধ নাট। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টিৰাজিক নৱ প্ৰজন্মক পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যে অনুষ্ঠিত হোৱা বালিবধ নাট খনিৰ প্ৰতিটো চৰিত্ৰত অভিনয় কৰে অঞ্চলটোৰ কণ কণ শিশুৱে ।
/asomiyapratidin/media/post_attachments/fcb5e723-657.png)
নাটৰ আৰম্ভণিতে হোৱা গায়ন-বায়নত অংশগ্ৰহণ কৰিলে কণ কণ শিশুৱে । উল্লেখ্য যে, বালি বধ নাট খনিৰ আঁত ধৰা সুত্ৰধাৰ চৰিত্ৰত অনন্ত বৰায়ে অভিনয় কৰাৰ বিপৰীতে বালিৰ ভাওত অভিনয় কৰে হৰ্ষিত বৰা,সুগ্ৰিৱৰ ভাওত মৃগাংক বৰা,ৰামৰ চৰিত্ৰত শিল্পী শিখা বৰা, সীতাৰ চৰিত্ৰত প্ৰিয়াশ্ৰী বৰা আৰু লক্ষ্মণৰ চৰিত্ৰত অভিনয় কৰে প্লাৱিতা বৰায়ে। অসমীয়া সংস্কৃতিৰ পথাৰখনত নৱপ্ৰজন্মক চিনাকি কৰাই দিয়াৰ উদ্দেশ্যে গ্ৰহন কৰা এই পদক্ষেপক আদৰণি জনাই ।
/asomiyapratidin/media/post_attachments/6640c6c7-021.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us