নগাঁও বিশ্ববিদ্যালয়ৰ ‘ভৱিষ্য-দর্শন দস্তাবেজ ২০২৫’ত সম্ভাব্য অন্তর্ভুক্তিৰ বাবে সকলো অংশীদাৰৰ পৰা লিখিত পৰামৰ্শ আমন্ত্রণ

নগাঁও বিশ্ববিদ্যালয়ে শেহতীয়াকৈ এক পদক্ষেপ হাতত লৈছে। সেয়া হ’ল- হ্রস্বম্যাদী আৰু কিছু দীর্ঘম্যাদী পৰিকল্পনাৰে বিশ্ববিদ্যালয়খনে ভৱিষ্য-দর্শন দস্তাবেজ (Vision Document) প্রস্তুতিৰ যো-জা কৰিছে।

author-image
Asomiya Pratidin
New Update
128

ডিজিটেল সংবাদ, নগাঁও : নগাঁও বিশ্ববিদ্যালয়ে শেহতীয়াকৈ এক পদক্ষেপ হাতত লৈছে। সেয়া হ’ল- হ্রস্বম্যাদী আৰু কিছু দীর্ঘম্যাদী পৰিকল্পনাৰে বিশ্ববিদ্যালয়খনে ভৱিষ্য-দর্শন দস্তাবেজ (Vision Document) প্রস্তুতিৰ যো-জা কৰিছে। সেয়ে বিশ্ববিদ্যালয়খনে ‘ভৱিষ্য-দর্শন দস্তাবেজ ২০২৫’ত সম্ভাব্য অন্তর্ভুক্তিৰ বাবে সকলো অংশীদাৰৰ পৰা লিখিত পৰামৰ্শ আমন্ত্রণ জনাই এক বিবৃতি ৰাজহুৱা কৰিছে।

উক্ত বিবৃতিটো তলত হুবহু প্ৰকাশ কৰা হ’ল-

Advertisment

“মান্যবৰ, নগাঁও বিশ্ববিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা গ্রহণ কৰিব। আপোনালোক অৱগত যে বিশিষ্ট শিক্ষাবিদ ড০ হিতেশ ডেকাদেৱে ইতিমধ্যে নগাঁও বিশ্ববিদ্যালয়ৰ প্ৰথমজন উপাচার্য হিচাপে কার্যভাৰ গ্ৰহণ কৰিছে। 

মাননীয় উপাচার্য মহোদয়ৰ সবল নেতৃত্বত আমি নগাঁও বিশ্ববিদ্যালয়ৰ পৰিয়ালে সামাজিক দায়ৱদ্ধতাৰ দর্শনৰ ভেটিত নগাঁও বিশ্ববিদ্যালয়ক এখন প্রকৃতাৰ্থত 'ৰাইজৰ বিশ্ববিদ্যালয়' হিচাপে গঢ়ি তোলাৰ সপোন দেখিছোঁ। সেই উদ্দেশ্য সাৰোগত কৰি যোৱা ০৯/০৮/২০২৫ তাৰিখে "নগাঁও বিশ্ববিদ্যালয় : সপোন আৰু বাস্তৱ" শীর্ষক এখনি মনোজ্ঞ মত-বিনিময় অনুষ্ঠান আয়োজন কৰা হৈছিল। 

সেই অনুষ্ঠানত আপোনালোকৰ সক্রিয় অংশগ্রহণ, দিহা-পৰামর্শ আদিয়ে আমাক আনন্দিত আৰু অনুপ্রাণিত কৰিলে। ইতিমধ্যে, কিছু হ্রস্বম্যাদী আৰু কিছু দীর্ঘম্যাদী পৰিকল্পনাৰে নগাঁও বিশ্ববিদ্যালয় ভবিষ্য-দর্শন দস্তাবেজ (Vision Document) প্রস্তুতিৰ যো-জা কৰা হৈছে। 

ইয়াৰ অংশৰূপে ৫, ১০, ২৫, ৫০ তথা অনাগত ১০০ বছৰত বিশ্ববিদ্যালয়খনৰ ৰূপৰেখা নিৰ্মাণৰ পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰা হ'ল। ভৱিষ্য-দর্শন দস্তাবেজত সম্ভাব্য অন্তর্ভুক্তিৰ বাবে আপোনালোকৰ দিহা-পৰামর্শ, পৰিকল্পনা তথা মতামত লিখিত আকাৰে পিডিএফ বা বর্ড ফর্মেটত ৩১ আগষ্ট, ২০২৫ৰ ভিতৰত নিম্নোক্ত ই-মেইল ঠিকনাত পঠিয়াবলৈ অনুৰোধ জনালোঁ। E-mail: visionnagaonuniversity@gmail.com আপোনালোকৰ দিহা-পৰামর্শ, সহায়-সহযোগিতা নগাঁও বিশ্ববিদ্যালয়ৰ বাবে চিৰ পাথেয় হৈ ৰ'ব।“

নগাঁও