সেমেকা চকুলো : নগাঁও জিলাৰ পশ্চিমাঞ্চলত সামৰণি পৰিল দুৰ্গা পূজা

সেমেকা চকুলোৰ মাজেৰে নগাঁও জিলাৰ পশ্চিমাঞ্চলত সামৰণি পৰিল দুৰ্গা পূজা। ষষ্ঠীৰ বেদীত স্থাপিত দেৱীক দশমী পূজা সমাপনেৰে সোনাই নৈ আৰু শান্তিজানত বিসৰ্জন দিয়া হয়।

author-image
Asomiya Pratidin
New Update
462

ডিজিটেল সংবাদ, বটদ্ৰৱা : সেমেকা চকুলোৰ মাজেৰে নগাঁও জিলাৰ পশ্চিমাঞ্চলত সামৰণি পৰিল দুৰ্গা পূজা। ষষ্ঠীৰ বেদীত স্থাপিত দেৱীক দশমী পূজা সমাপনেৰে সোনাই নৈ আৰু শান্তিজানত বিসৰ্জন দিয়া হয়।

ৰাজ্যবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে যেন জুবিন বিহীন প্ৰথমটো দুৰ্গা পূজাত প্ৰতিগৰাকী ভক্তৰ মন সেমেকা। বটদ্ৰৱাৰ সমীপৱৰ্তী ভেটিয়নী গাঁও আৰু চকলাঘাট গৌৰীনাথ শিৱ মন্দিৰৰ দুৰ্গা পূজাৰ প্ৰতিমা উক্ত স্থানতে বিসৰ্জনৰ পৰ্ব সমাপ্ত কৰে।

ভেটিয়নী পূজা সমিতিয়ে সমদল কৰি পুষ্পসজ্জিত বাহনত বাজনাৰ মাজেৰে দেৱীৰ প্ৰতিমাক ভোমোৰাগুৰি, ভেটিয়নী আদি অঞ্চলৰ মাজেৰে সমদল কৰি আনি শান্তিজানৰ পাৰত উপস্থিত হৈ বিসৰ্জনৰ কাৰ্য সমাপন কৰে। সকলোৱে অশ্ৰুসিক্ত নয়নেৰে দুৰ্গা মাক বিদায়ী দিয়ে।

ইফালে চকলাঘাটৰ গৌৰীনাথ শিৱমন্দিৰৰ দুৰ্গা পূজাৰ প্ৰতিমা সোনাইনদীত মাংগলিক কাৰ্যসূচীৰ মাজেৰে বিসৰ্জন দিয়ে। কোনো ধৰণৰ অঘটন নোহোৱাকৈ শান্তিপূৰ্ণ পৰিৱেশৰ মাজেৰে সামৰণি পৰে দুৰ্গা পূজাৰ বিসৰ্জনৰ পৰ্ব।

দুৰ্গা পূজা